ৰাজ্যৰ বান সমস্যা ৭০ শতাংশ সমাধান হৈছে: পীযূষ হাজৰিকা

● ৰাজ্যৰ বান সমস্যা ৭০ শতাংশ সমাধান হৈছে বুলি জলসম্পদ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই কালি বিধানসভাৰ শীতকালীন অধিবেশনত তথ্য প্রকাশ কৰে। বিগত চাৰে চাৰি বছৰত ৰাজ্যত নতুনকৈ ১,১০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে কালিৰ প্রশ্নোত্তৰ ঘণ্টাত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত উল্লেখ কৰে। ৰাজ্য চৰকাৰে ১,১৫০ কিলোমিটাৰ মথাউৰি নথকা অঞ্চল চিনাক্ত কৰিছিল আৰু ইয়াৰে ৯৫০ কিলোমিটাৰ মথাউৰি ৰাজ্য চৰকাৰে নতুনকৈ নিৰ্মাণ কৰিছে বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে বাকী থকা মথাউৰি নিৰ্মাণৰ কামৰ বাবে চলিত বিত্তীয় বৰ্ষতে অনুমোদন দিয়া হ’ব। ৰাজ্যৰ বান নিয়ন্ত্ৰণৰ স্বাৰ্থত ৰাজ্যত ক্রমেও ৯টা জলাশয় খননৰ ব্যৱস্থা কৰা হ’ব আৰু ইয়াৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰায়লে প্রথম পৰ্যায়ত ৬৯৫ কোটি টকা আৱণ্টন দিছে। শীঘ্ৰেই ইয়াৰ বাবে প্রয়োজনীয় নিবিদা আহ্বান কৰা হ’ব বুলিও সদনত মন্ত্ৰী শ্ৰীহাজৰিকাই মন্তব্য কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।