ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 15, 2025 6:52 PM | Bathou Puja

printer

ৰাজ্যৰ বড়ো জনগোষ্ঠী বসতিপ্রধান অঞ্চলসমূহত বাথৌ পূজা পৰম্পৰাগত ৰীতি-নীতিৰে পালন

ৰাজ্যৰ বড়ো জনগোষ্ঠী বসতিপ্রধান অঞ্চলসমূহত আজিৰে পৰা বাথৌ পূজা পৰম্পৰাগত ৰীতি-নীতিৰে পালন কৰা হৈছে। বাক্সা জিলাৰ বিভিন্ন স্থানত অৱস্থিত বাথৌ মন্দিৰসমূহত বাথৌ উৎসৱ আয়োজন কৰা পৰিলক্ষিত হৈছে। মাঘ বিহুৰ সময়তে বড়ো আৰু অন্য কছাৰী জনগোষ্ঠীৰ লোকসকলে দুইৰ পৰা তিনিদিনীয়াকৈ এই উৎসৱৰ আয়োজন কৰে। কছাৰী সকলৰ লোক দেৱতা বাথৌৰ হিন্দু ধৰ্মৰ দেৱতা শিৱৰ সৈতে সাদৃশ্য আছে। বড়ো-কছাৰীসকলে বিশ্বাস কৰে যে বাথৌ তেওঁলোকৰ পিতৃ দেৱতা। এই উৎসৱৰ দিনটোত সিজু আৰু তুলসী গছৰ দুটা ডাল একেলগ কৰি বাথৌ বেদীত শান্তি পানী ছটিওৱা হয়। বেদীত এটা ঘূৰণীয়া শিল আৰু কুকুৰা কণীৰে বাথৌ দেৱতাক পূজা কৰা হয় ৷