আজি ৬৩ সংখ্যক বড়ো মাধ্যম দিৱস। ৰাজ্যৰ বড়ো অধ্যুষিত বিভিন্ন প্ৰান্তত বড়ো মাধ্যম দিৱস উদযাপন কৰা হয়। বাক্সা জিলাৰ চাইটানগুৰিৰ জয়ভদ্ৰ আহাগজেৰ বড়ো মাধ্যম উচ্চ মাধ্যমিক বিদ্যালয়ত আজি শালবাৰী জিলা বড়ো সাহিত্য সভাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে ৬৩ সংখ্যক বড়ো মাধ্যম দিৱস উদযাপন কৰা হয়। বড়ো মাধ্যম দিৱসত অতিথি হিচাপে উপস্থিত থাকি সাহিত্য একাডেমী বঁটা বিজয়ী সাহিত্যিক ড° অনিল বড়োৱে কয়, যে ১৯৬৩ চনৰ ১৮ মে’ৰ পৰা সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাৰ কাৰ্যকালত কোকৰাঝাৰত বড়ো শিক্ষার্থী থকা বিদ্যালয়সমূহত বড়ো মাধ্যমৰ সূচনা হৈছিল। কোকৰাঝাৰ জিলা বড়ো সাহিত্য সভা সমিতিয়ে কোকৰাঝাৰৰ কাৰিগাঁৱত দিনজোৰা কাৰ্যসূচীৰে বড়ো মাধ্যম দিৱস পালন কৰে। কোকৰাঝাৰ জিলা বড়ো সাহিত্য সভাৰ সভাপতি বাইজুৱেল কুমাৰ বসুমতাৰীয়ে পতাকা উত্তোলন কৰা অনুষ্ঠানটোৰ মুকলি সভাত বড়ো সাহিত্য সভাৰ সভাপতি ড° সুৰথ নাৰ্জাৰীৰ লগতে পূব কোকৰাঝাৰ সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰীয়ে অংশগ্ৰহণ কৰে। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে বড়ো মাধ্যম দিৱসত শুভেচ্ছা জনায়।
Site Admin | May 18, 2025 8:39 PM | Bodo Medium Day
ৰাজ্যৰ বড়ো অধ্যুষিত বিভিন্ন প্ৰান্তত বড়ো মাধ্যম দিৱস উদযাপন