ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 14, 2025 11:19 AM | Janmastami

printer

ৰাজ্যৰ প্ৰান্তে প্রান্তে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন

ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আজি ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি-নীতিৰে উলহ-মালহেৰে পালন কৰা হৈছে। জন্মাষ্টমী উপলক্ষে ৰাজ্যখনৰ সত্ৰ-নামঘৰসমূহৰ লগতে ঘৰে ঘৰে ব্যাপক আয়োজন চলিছে। ৰাজ্যখনৰ চৌদিশ কৃষ্ণ বন্দনাৰে মুখৰিত হৈ উঠিছে। সত্ৰনগৰী মাজুলী, বৰপেটা, বটদ্ৰৱা আদিৰ লগতে ৰাজ্যখনৰ প্ৰধান প্ৰধান সত্ৰ আৰু নামঘৰসমূহ জন্মাষ্টমী উপলক্ষে পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি সজাই-পৰাই তোলা হৈছে। পুৱাৰে পৰাই নামঘৰসমূহত ভকত আৰু আয়তীসকলৰ নাম-প্ৰসংগ, গীত-নৃত্য অনুষ্ঠান আদিৰ আয়োজন কৰা হৈছে। মাজুলীৰ ৩৩ খন সত্ৰ আৰু তিনিশৰো অধিক নামঘৰৰ লগতে প্ৰতিটো পৰিয়ালে জন্মাষ্টমী পালন কৰিছে বুলি আমাৰ মাজুলীৰ সংবাদদাতাই জনাইছে। হৰিনাম কীৰ্তনৰ ধ্বনিৰে মাজুলী দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে। ৰাজ্যৰ প্ৰান্তে প্রান্তে কৃষ্ণৰ জন্মাষ্টমী উপলক্ষে বিভিন্ন শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কৃষ্ণ নৃত্য, দিহানাম আদি কাৰ্যসূচী অনুষ্ঠিত হ’ব।