ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 20, 2025 6:03 PM | Dipawali in Assam

printer

ৰাজ্যৰ প্ৰতিখন জিলাত জাকজমকতা পৰিহাৰ কৰি আৰু পৰম্পৰা বৰ্তাই ৰাখি কালীপূজা আৰু দীপাৱলী উদযাপন

ৰাজ্যৰ প্ৰতিখন জিলাত জাকজমকতা পৰিহাৰ কৰি আৰু পৰম্পৰা বৰ্তাই ৰাখি কালীপূজা আৰু দীপাৱলী উদযাপন কৰা হৈছে। বৰপেটা জিলাৰ বিভিন্ন স্থানত আজিৰে পৰা কেইবাদিনীয়া কাৰ্যসূচীৰে কালীপূজাৰ আয়োজন কৰা হৈছে। জিলাখনৰ গহীয়াত আজিৰে পৰা পাঁচ দিনীয়া কাৰ্যসূচীৰে ৬৭ সংখ্যক কালীপূজা উদযাপন কৰা হৈছে। উল্লেখযোগ্য যে, এই পূজাত মূৰ্তিৰ প্ৰচলন নাই যদিও এটা মাটিৰ ঘটত শ্যামাকালী দেৱীৰ প্ৰতিক হিচাপে লৈ পূজা-অর্চনা কৰা হয়। ইয়াৰ উপৰি এই পূজা বলি-বিধান নোহোৱাকৈ উদযাপন কৰি অহা হৈছে। পূজাৰ লগত সংগতি ৰাখি বিভিন্ন থলুৱা কৃষ্টি-সংস্কৃতি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে।

গোৱালপাৰা জিলাৰ শৌলমাৰিত থকা ঐতিহাসিক শ্রীশ্রী মা শ্যামাকালী মন্দিৰত আজিৰে পৰা তিনি দিনীয়া কাৰ্যসূচীৰে কালী পূজাৰ আয়োজন কৰা হৈছে। কালী পূজা উপলক্ষে আজি পুৱাৰে পৰা বিভিন্ন ঠাইৰ পৰা অহা ভক্তিপ্ৰাণ ৰাইজে মা কালীৰ চৰণত আশীষ লৈ সকলোৰে মংগল কামনা কৰিছে। জিলাখনৰ আন আন ঠাইত কালীপূজা আৰু দীপাৱলী উদযাপনৰ বাতৰি আমাৰ সংবাদদাতাই জানিবলৈ দিছে।

পাঠশালা যুৱ সমাজৰ উদ্যোগত বজালী জিলাত দুদিনীয়া কাৰ্যসূচীৰে কালী পূজাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ওজাপালি প্রদর্শন, বিশ্ব শান্তিৰ বাবে বন্তি প্রজ্বলন, গছপুলি ৰোপণ আদি কাৰ্যসূচী লোৱা হৈছে। শিলচৰৰ ১২৪ বছৰ পুৰণি শ্মশানঘাট কালীমন্দিৰত আজি নিশা কালী পূজা অনুষ্ঠিত হ’ব। গোৱালপাৰা জিলাৰ শ’লমাৰীৰ ঐতিহাসিক শ্রীশ্রী মা শ্যামাকালী মন্দিৰত আজিৰেপৰা তিনিদিনীয়াকৈ কালী পূজাৰ আয়োজন কৰা হৈছে। পুৱাৰেপৰা মন্দিৰত ভক্তপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।