ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 10, 2024 11:30 AM | Election update

printer

ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নির্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নির্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। কাইলৈ এই প্ৰচাৰ অভিযানৰ অন্ত পৰাৰ পূৰ্বে দলসমূহে নিজ নিজ প্ৰাৰ্থীৰ হৈ ভোটাৰৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলাব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি দিগন্ত ঘাটোৱালৰ হৈ বিহালী সমষ্টিত প্ৰচাৰ চলাব। কালি তেওঁ চামগুৰি বিধানসভা সমষ্টিত দলটোৰ প্রার্থী দিপ্লু ৰঞ্জন শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷ মন্ত্ৰী কেশৱ মহন্তইও চামগুৰিত মিত্ৰজোটৰ প্ৰাৰ্থীগৰাকীৰ হৈ কালি প্ৰচাৰ সভাত অংশ লয়। ধলাই সমষ্টিত মন্ত্রী জয়ন্ত মল্লবৰুৱাই প্ৰচাৰ সভাত অংশ লয়। ইফালে কংগ্ৰেছ দলৰ সাংসদ তথা বিৰোধীৰ উপ-দলপতি গৌৰৱ গগৈয়ে বিহালীত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। সাংসদ ৰকিবুল হুছেইনে বিহালীত, চামগুৰিত কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই দলীয় প্রার্থীৰ হৈ কালি প্ৰচাৰ চলায়। আনহাতে চামগুৰিত নির্বাচনী প্ৰচাৰৰ সময়ত ৰাজনৈতিক হিংসাৰ ঘটনা অব্যাহত আছে। কালি ৰাজনৈতিক অৰিয়াঅৰিৰ ফলস্বৰূপে সমষ্টিটোত গুলী চালনাৰ ঘটনা সংঘটিত হয়। ৰাজ্যৰ উপ নির্বাচন হবলগীয়া ৫ টা সমষ্টিৰ ভিতৰত আম আদমী পাৰ্টীয়ে বিহালী আৰু চামগুৰি সমষ্টিত প্রতিদ্বন্দিতা কৰিছে। উল্লেখযোগ্য যে, ৩৪ গৰাকী প্ৰাৰ্থীয়ে এই উপ-নির্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে। উপ-নির্বাচন হ’বলগীয়া ধলাই সমষ্টিত ৮ গৰাকী প্রার্থীয়ে, চামগুৰি সমষ্টিত ১১ গৰাকী আৰু ছিদলী সমষ্টিত ৩ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। বিহালী সমষ্টিত ৪ গৰাকী আৰু বঙাইগাঁৱৰ আসনখনৰ বাবে ৮ গৰাকী প্রার্থী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।