ৰাজ্যৰ পাঁচটা বিৰোধী দলৰ ঐক্যবদ্ধ হৈ কাম কৰিবলৈ একমত প্ৰকাশ

ৰাজ্যখনৰ পাঁচটা বিৰোধী দলে ঐক্যবদ্ধ হৈ কাম কৰিবলৈ একমত প্ৰকাশ কৰিছে। আজি দিছপুৰৰ অসম বিধানসভাৰ কংগ্ৰেছ বিধায়িনী কক্ষত অনুষ্ঠিত এখন বৈঠকত ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত শাসনাধিষ্ঠিত বিজেপি দলক প্ৰত্যাহ্বান জনোৱাৰ বাবে ঐক্যবদ্ধ বিৰোধী মঞ্চ গঠনৰ সম্ভাৱনীয়তা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। আমাৰ গুৱাহাটীৰ সংবাদদাতা হেমন্ত কুমাৰ বৰাই জনোৱা মতে এই সভাত কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা জিতেন্দ্র সিং, প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, বিধানসভাৰ বিৰোধী দলৰ সভাপতি দেৱব্ৰত শ‍ইকীয়া, সাংসদ ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈয়ে অংশগ্ৰহণ কৰে। ৰাইজৰ দলৰ হৈ বিধায়ক অখিল গগৈ, চি পি আই এমৰ হৈ বিধায়ক মনোৰঞ্জন তালুকদাৰ, আঞ্চলিক গণ মৰ্চাৰ হৈ সাংসদ অজিত কুমাৰ ভূঞা, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, চি পি আই এম এলৰ নেতা বিবেক দাসকে ধৰি বিৰোধী দলৰ ভালেকেইগৰাকীয়ে নেতাই অংশগ্ৰহণ কৰে। লুৰীণজ্যোতি গগৈয়ে বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ বিৰোধী শক্তি একত্ৰিত হোৱাৰ ক্ষেত্ৰত আজিৰ এই বৈঠক যথেষ্ট ইতিবাচক বুলি মন্তব্য কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।