ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যৰ দুটা পৰ্যটন প্রকল্পৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় ২০০ কোটি টকাৰ পুঁজি অনুমোদনত প্রধানমন্ত্ৰীক কৃতজ্ঞতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ৰাজ্যখনৰ দুটা পৰ্যটন প্রকল্পৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰায় ২০০ কোটি টকাৰ পুঁজি অনুমোদন জনোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰিছে।

মূলধনী বিনিয়োগৰ বাবে ৰাজ্যসমূহক প্ৰদান কৰি অহা বিশেষ সাহায্যৰ অধীনত কেন্দ্ৰীয় চৰকাৰে ৰংঘৰ আৰু ৰাজ্যিক চিৰিয়াখানাৰ উন্নয়নৰ বাবে এই ধনৰাশিৰ অনুমোদন জনায়। অসম ৰাজ্যিক চিৰিয়াখানা তথা উদ্ভিদ উদ্যানৰ বাবে ৯৭ কোটি ১২ লাখ টকা আৰু শিৱসাগৰৰ ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে ৯৪ কোটি ৭৬ লাখ টকা কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনায়। ৰাজ্যখনৰ সৰ্বাংগীন বিকাশ আৰু উন্নয়নৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে লোৱা এই পদক্ষেপক মুখ্যমন্ত্ৰীগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।