ৰাজ্যৰ দুগ্ধ প্ৰ-সংস্কৰণ প্ৰকল্পত গাখীৰ যোগান ধৰা গো-পালকসকললৈ ৰাজ সাহায্য প্রদান কাৰ্যসূচীৰ আজি শুভাৰম্ভণি কৰা হয়। গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে পশু পালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল আৰু সমবায় মন্ত্রী যোগেন মহন উপস্থিত থাকে। একেদৰে আজি পাঞ্জাবাৰীৰ পূৰবী ডেইৰীৰ চৌহদত দুগ্ধ সমবায় সমিতিখনৰ সম্প্ৰসাৰণৰ ভূমিপূজন কৰা হয়। উল্লেখযোগ্য যে দুগ্ধ প্ৰ-সংস্কৰণ প্ৰকল্পত গাখীৰ যোগান ধৰা গো-পালকসকললৈ ৰাজ সাহায্য প্ৰদানৰ এই আঁচনিৰ প্ৰথম পৰ্যায়ত ৫৪২ খন দুগ্ধ সমবায় সমিতি আৰু ১৯ হাজাৰ ৩০ গৰাকী দুগ্ধ উৎপাদক উপকৃত হ’ব। ৰাজ্য চৰকাৰে দুগ্ধ খণ্ডৰ উন্নয়নৰ বাবে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। অসম দুগ্ধ উন্নয়ন পৰিকল্পনাৰ অধীনত দৈনিক ১০ লাখ লিটাৰ গাখীৰৰ প্ৰ-সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰ আৰু ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদৰ যৌথ অংশীদাৰিত্বত এন ই ডি এফ এল নামৰ এটা কোম্পানীৰ পঞ্জীয়ন কৰা হৈছে। যোৰহাট আৰু ডিব্ৰুগড়ত প্ৰতিদিনে এক লাখ লিটাৰ আৰু ধেমাজিত প্ৰতিদিনে ৫০ হাজাৰ লিটাৰৰ তিনিটা বৃহৎ গাখীৰ প্ৰ-সংস্কৰণ প্ৰকল্প স্থাপনৰ বাবে এই প্ৰতিষ্ঠানটোক ভূমি আৰু প্ৰাৰম্ভিক কামকাজৰ বাবে তিনি কোটি টকাৰ আৱণ্টন দিয়া হৈছে। তদুপৰি বীজ ধন আঁচনিৰ অধীনত ১৪৪ খন দুগ্ধ সমবায় সমিতিৰ গো-পালকক সাহায্য প্ৰদানৰ লগতে স্থানীয়ভাৱে গঠন হোৱা ১৫ খন এনে সমিতিক যাৱতীয় সঁজুলি প্ৰদান কৰা হৈছে।
Site Admin | July 20, 2025 6:57 PM | Assam CM Bhoomipujan held at Purabi Dairy premises on Sunday
ৰাজ্যৰ দুগ্ধ প্ৰ-সংস্কৰণ প্ৰকল্পত গাখীৰ যোগান ধৰা গো-পালকসকললৈ ৰাজ সাহায্য প্রদান কাৰ্যসূচীৰ শুভাৰম্ভণি
