ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 20, 2025 8:30 PM | Assam Eviction

printer

ৰাজ্যৰ দুখন জিলাত প্ৰশাসনৰ উচ্ছেদ অভিযান

চৰাইদেউ জিলাৰ মথুৰাপুৰত থকা ঐতিহাসিক ভূঞা পুখুৰীৰ মাটি অধিকাৰ কৰি বাসগৃহ নিৰ্মাণ কৰা দুটা পৰিয়ালৰ বিৰুদ্ধে আজি চৰাইদেউ জিলা প্ৰশাসনে উচ্ছেদ চলায়। জিলা প্ৰশাসনে দখলকাৰী হিচাপে চিনাক্ত হোৱা অনু বেগম আৰু মবিদুল ইছলামৰ বাসগৃহ ভাঙি দিয়াৰ লগতে পুখুৰীৰ মাটি দখলমুক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। পৰিয়াল দুটাই বহু দিনৰে পৰাই ভূঞা পুখুৰীৰ মাটি দখল কৰি আছিল। যোৱা ৯ আগষ্টত দখলকাৰী পৰিয়ালৰ এগৰাকী সদস্যই চৰাইদেউৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকক ৰাজপথতে আক্ৰমণ কৰি অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। এই ঘটনাৰ পাছতে ঐতিহাসিক সম্পদৰ সুৰক্ষাৰ দাবীত ১১ আগষ্টত স্থানীয় দল-সংগঠনে ন্যায় বিচাৰি দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদৰ দাবীৰে ঐতিহাসিক ধোদৰ আলি অৱৰোধ কৰিছিল। উল্লেখযোগ্য যে চৰাইদেউ জিলাৰ ভূঞা পুখুৰী অঞ্চলটোৰ সংস্কৃতিক আৰু ঐতিহাসিক তাৎপৰ্য গ্ৰহণ কৰা আহোম যুগৰ এটা গুৰুত্বপূৰ্ণ কীৰ্তিচিহ্ন।

বঙাইগাঁও জিলাৰ বৈটামাৰী ৰাজহ চক্ৰৰ অধীনৰ যোগীঘোপাৰ খেতাপাৰাত আজি জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায়। জল পৰিবহণ বিভাগৰ প্ৰায় ২০ বিঘা ভূমি দখল কৰি বসবাস কৰি থকা ১৩০টা পৰিয়ালক প্রশাসনে উচ্ছেদ কৰে। জিলা প্রশাসনে কালিও যোগীঘোপাৰ তিনিআলি বজাৰৰ প্ৰায় ১০ বিঘা ভূমিত থকা এশখন দোকান আৰু যোগীঘোপা থানাৰ সমীপৰ পথৰ দাঁতিত থকা ৭০ খন দোকান উচ্ছেদ কৰি ভূমি দখলমুক্ত কৰিছিল ৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।