ৰাজ্যৰ জাপানীজ এনচেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগৰ বিশেষ ব্যৱস্থা

ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনচেফেলাইটিছ ৰোগৰ সংক্ৰমন হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। মৰিগাওঁ জিলাত বানৰ পাছতে কেইবাগৰাকীও লোক এই ৰোগত আক্ৰান্ত হৈছে। জিলাখনত ৩ জন লোকৰ জাপানীজ এনচেফেলাইটিছ আৰু এনে ধৰণৰ ৰোগৰ ফলত মৃত্যু হৈছে। লোককেইজন ৰাজামণি মেধী, ভৱকান্ত নাথ আৰু ইমৰাণা বেগম বুলি জানিব পৰা গৈছে। ইপিনে, মৰিগাওঁ জিলাত বানৰ পাছত ৫ জন লোক মেলেৰীয়াত আক্রান্ত হয় বুলিও স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে। ইপিনে, চৰাইদেউ জিলাত জাপানীজ এনচেফেলাইটিছ, মেলেৰীয়া, ডেংগী আদি বাহকজনিত ৰোগৰ সংক্ৰমন প্ৰতিৰোধ তথা আক্রান্তসকলৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কালি স্বাস্থ্য বিভাগৰ এখন পর্যালোচনা সভা অনুষ্ঠিত হয়। এই সভাত বাহকজনিত ৰোগৰ পৰা হাত সাৰিবলৈ ধোৱা দিয়াৰ ব্যৱস্থা, ঔষধযুক্ত আঁঠুৱাৰ ব্যৱহাৰ, তেজৰ নমুনা সংগ্ৰহ আৰু ব্যাপক সজাগতা সৃষ্টিৰ পদক্ষেপ গ্ৰহণৰ বিষয়ে আলোচনা কৰা হয়। তদুপৰি এই সভাতে স্বাস্থ্য খণ্ডৰ অন্যান্য কাৰ্যসূচী সম্পৰ্কেও আলোচনা কৰা হয়। জিলাখনৰ আয়ুক্তই জিলা অসামৰিক চিকিৎসালয় আৰু সাপেখাটি খণ্ড প্ৰাথমিক চিকিৎসালয়ত থকা সর্পদংশন ব্যৱস্থাপনা কেন্দ্ৰ দুটা অধিক সক্ৰিয় কৰি তোলাৰ বাবে আহ্বান জনায়। তদুপৰি দুমাহযোৰা কাৰ্যসূচীৰে আৰম্ভ হোৱা ডায়েৰীয়া নির্মূল অভিযান সূচাৰুৰূপে ৰূপায়ণ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।