ৰাজ্যৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্রী গোটে বিধানসভাত দাখিল কৰা প্ৰতিবেদনক লৈ ৰাজ্যৰ বিভিন্ন প্রান্তত প্রতিবাদী কার্যসূচী অব্যাহত আছে। মৰাণ, মটক, আহোম, চুতীয়া, চাহ জনগোষ্ঠী আৰু কোচ-ৰাজবংশীসকলক জনজাতিকৰণৰ বাবে পৰামৰ্শ আগবঢ়াই প্ৰস্তুত কৰা এই প্রতিবেদনৰ বিৰুদ্ধে কালি বাক্সা জিলাৰ ছাপাগুৰি কলেজ শাখাৰ বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত মহাবিদ্যালয়খনৰ চৌহদৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে শিমলা বজাৰলৈ প্রতিবাদী সমদল উলিওৱা হয়। এই সমদলত ভালেসংখ্যক ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰে। লখিমপুৰ জিলাৰ নাৰায়ণপুৰত ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে কালি জোঁৰ সমদল উলিওৱা হয়। সদৌ অসম দেউৰী ছাত্র সন্থাৰ লখিমপুৰ জিলা সমিতি আৰু মাধৱদেৱ বিশ্ববিদ্যালয়ৰ জনজাতি ছাত্র সমাজে এই প্রতিবাদ সাব্যস্ত কৰে। ইপিনে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মন্ত্রীগোটৰ প্ৰতিবেদনখন ভালদৰে নপঢ়াকৈ একাংশই প্রতিবাদী কাৰ্যসূচী চলাই আছে বুলি মত প্ৰকাশ কৰিছে। তেওঁ কয়, যে এই প্রতিবেদনত সকলোৰে সুবিধা হোৱাকৈ ব্যৱস্থা ৰখাৰ প্ৰস্তাৱ দিয়া হৈছে। প্রতিবেদনখনত কোনো জনগোষ্ঠীৰ প্ৰতি যাতে অন্যায় নহয়, তাৰ প্ৰতি লক্ষ্য ৰখা হৈছে বুলি মুখ্যমন্ত্রীয়ে কয়। কোকৰাঝাৰত প্ৰতিবাদ সাব্যস্ত কৰা সকলেও প্রতিবেদনখন নপঢ়াৰ ফলতেই এনেধৰণৰ কাৰ্যসূচী লৈছিল বুলি তেওঁ কয়। উল্লেখযোগ্য যে এই প্রতিবেদন দাখিল কৰা মন্ত্রীগোটে অসমৰ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ সৈতে পৰহিলৈ আলোচনাত মিলিত হ’ব। ইপিনে, বিৰোধী দলসমূহে ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰীগোটৰ এই প্ৰতিবেদনক সমালোচনা কৰিছে। কালি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এখন সংবাদমেলত এই প্রতিবেদন সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজনৈতিক উদ্দেশ্যপ্রণোদিতভাৱে দাখিল কৰা হৈছে বুলি মত প্রকাশ কৰে। কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে এই প্রতিবেদনৰ কোনো সুফল জনগোষ্ঠীসমূহে লাভ নকৰে বুলি উল্লেখ কৰে।
Site Admin | December 2, 2025 12:08 PM | Protest for ST
ৰাজ্যৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত বিভিন্ন প্রান্তত প্রতিবাদী কার্যসূচী অব্যাহত