ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 27, 2024 7:54 PM | ADRE

printer

ৰাজ্যৰ চতুৰ্থ বৰ্গৰ মুঠ ৫,০২৩টা খালী পদৰ বাবে লিখিত পৰীক্ষা সম্পন্ন

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ তত্বাৱধানত আজি ৰাজ্যৰ চতুৰ্থ বৰ্গৰ মুঠ ৫ হাজাৰ ২৩টা খালী পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হয়। পুৱা ৯ বজাৰ পৰা দশম শ্রেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে পৰীক্ষা অনুষ্ঠিত হোৱাৰ লগতে ডেৰ বজাৰ পৰা অষ্টম শ্রেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হয়। ইপিনে এই পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে ৰাজ্যজুৰি পুৱাৰে পৰা বিয়লি ৪ বজালৈ ইণ্টাৰনেট কৰ্তন কৰা হয় ৷