ৰাজ্যৰ গৃহ বিভাগৰ তিনিটা জেহাদী সংগঠনক নিষিদ্ধ ঘোষণা

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ পৰা পোৱা গোপন তথ্য মৰ্মে ৰাজ্যৰ গৃহ বিভাগে তিনিটা জেহাদী সংগঠনক নিষিদ্ধ ঘোষণা কৰিছে। গৃহ বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি জামাত-উল-মুজাহিদিন বাংলাদেশ, আনছাৰুল্লাহ বাংলা টীম আৰু অল কায়দাৰ সৈতে জড়িত আনছাৰ-অল-ইছলাম নামৰ সন্ত্ৰাসবাদী সংগঠনকেইটাক নিষিদ্ধ ঘোষণা কৰা হৈছে। একেদৰে ৰাজ্যৰ ন্যায়িক বিভাগে ২৬ নৱেম্বৰত প্ৰকাশ কৰা অনুসৰি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই এই সংগঠনকেইটাৰ গোপন যোগাযোগক লৈ আপত্তিজনক তথ্য আৰু শুংসূত্ৰ লাভ কৰিছে। এই অনুসৰি সংগঠনকেইটাই কোনোধৰণৰ প্ৰচাৰ মাধ্যমেৰে কৰা প্ৰচাৰ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ৯৮ ধাৰা অনুসৰি অপৰাধ হিচাপে গণ্য কৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।