ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত কবিতা পদ্মনাভনে শিলচৰত উপস্থিত হৈ নগৰখনৰ আন্তঃগাঁথনি, খোৱাপানীৰ ব্যৱস্থা আৰু স্বচ্ছতা সন্দৰ্ভত পর্যালোচনা কৰে

ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত তথা সচিব কবিতা পদ্মনাভনে আজি কাছাৰ জিলাৰ শিলচৰত উপস্থিত হৈ নগৰখনৰ আন্তঃগাঁথনি, খোৱাপানীৰ ব্যৱস্থা আৰু স্বচ্ছতা সন্দৰ্ভত পর্যালোচনা কৰে। শিলচৰ নগৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থান পৰিদৰ্শন কৰাৰ পাছত সচিবগৰাকীয়ে পৰিষ্কাৰ-পৰিচ্ছন্নতা, আৱৰ্জনা ব্যৱস্থাপনা আৰু জনসেৱা প্ৰদানৰ ক্ষেত্ৰত থকা সীমাৱদ্ধতাসমূহ চিনাক্ত কৰি শীঘ্ৰেই সমাধান নিৰ্দেশ দিয়ে সচিবগৰাকীয়ে শিলচৰ পৌৰ নিগমৰ অধীনৰ ব্যস্ত বজাৰ এলেকা, ৰাজপথ, ডাম্পিং গ্রাউণ্ড আৰু নগৰৰ সীমান্ত অঞ্চলৰ পৰিদৰ্শন কৰে। লগতে তেওঁ লংগাইখাল, সোণাই ৰোডৰ বানপীড়িত অঞ্চলো পৰিদৰ্শন কৰে। এই ভ্ৰমনৰ অন্তত তেওঁ আৱৰ্জনা নিষ্কাষণ আৰু নাগৰিক সেৱাৰ উন্নতিৰ বিষয়সমূহৰ সন্দৰ্ভত অনুষ্ঠিত এখন বৈঠকত অংশগ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক