ৰাজ্যৰ কেইবাখনো জিলাত খৰাং সদৃশ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ বিষয়টো ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে বিবেচনা কৰিছে

ৰাজ্যৰ কেইবাখনো জিলাত বৰষুণৰ পৰিমাণ স্বাভাৱিক হাৰতকৈ কম হোৱাৰ ফলত খৰাং সদৃশ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ বিষয়টো ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে বিবেচনা কৰিছে। কৃষি মন্ত্ৰী অতুল বৰাই আজি সামাজিক মাধ্যমৰ এটা বাৰ্তাত এইদৰে প্ৰকাশ কৰি কয়, যে ইতিমধ্যে ওদালগুৰি, কামৰূপ, দৰং, গোলাঘাট, মাজুলীকে ধৰি বিভিন্ন জিলাৰ কৃষি বিষয়াসকলে কৃষিভূমিসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ মূল্যায়ন কৰিছে। কৃষি বিষয়াসকলে এই পৰিদৰ্শনকালত কৃষকসকলৰ সৈতে মত বিনিময় কৰি তেওঁ লোকক সহায়ৰ আশ্বাস দিয়ে। উল্লেখযোগ্য যে, ৰাজ্যৰ ২৫ খন জিলাত যোৱা ১ জুনৰ পৰা কালিলৈকে বৰষুণৰ পৰিমাণ ৪৩ শতাংশ হ্ৰাস পোৱাত খৰাংসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। শেহতীয়াকৈ মন্ত্ৰীসভাৰ বৈঠকত খৰাং পীড়িত কৃষকসকলক চৰকাৰে ক্ষতিপূৰণ দিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছিল। ৰাজ্য চৰকাৰৰ মুখ্য সচিব ৰবি কোটাই কালি জিলাসমূহৰ আয়ুক্তসকলৰ সৈতে খৰাং সদৃশ পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে এখন বৈঠকত মিলিত হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।