ৰাজ্যৰ কৃষিক্ষেত্ৰৰ সম্ভাৱনা আৰু কৃষকলৈ সা-সুবিধা সন্দৰ্ভত কালি আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত এটা আলোচনা প্ৰচাৰ কৰা হয়। এই অনুষ্ঠানত অসম বীজ আৰু জৈৱিক প্ৰমাণিকৰণ অভিকৰণৰ প্ৰাক্তন সঞ্চালক তথা প্রাক্তন যুটীয়া কৃষি সঞ্চালক মৌচম হাজৰিকা আৰু সোণাপুৰ চক্ৰৰ কৃষি উন্নয়ন বিষয়া সুপ্রিয়া বৰাই অংশ লৈ কৃষি ক্ষেত্ৰৰ বিভিন্ন উন্নয়নমূলক দিশ আৰু কৃষকলৈ আগবঢ়োৱা সা-সুবিধা সম্পর্কে অৱগত কৰে। কৃষি প্ৰযুক্তিৰ বিকাশে ক্রমাগতভাৱে ৰাজ্যৰ কৃষি ক্ষেত্ৰলৈ অনা পৰিৱৰ্তন সন্দৰ্ভতো তেওঁলোকে আলোকপাত কৰে।
প্রাকৃতিক দুর্যোগ, বন্যপ্ৰাণীৰ সৈতে সংঘাত আৰু অন্যান্য বিভিন্ন সমস্যা নেওচি উন্নতজাতৰ শস্য ৰোপনেৰে কিদৰে স্বাৱলম্বী হ’ব পাৰি এই বিষয়েও তেওঁলোকে কৃষক ৰাইজক অৱগত কৰে। তদুপৰি কৃষিৰ বিভিন্ন সা-সুবিধাসমূহ লাভ কৰাৰ বাবে কিদৰে স্থানীয় পর্যায়ত যোগাযোগ কৰিব পাৰি এই বিষয়েও তেওঁলোকে জানিবলৈ দিয়ে। এই অনুষ্ঠানত চাৰিগৰাকী প্ৰগতিশীল কৃষকে নিজৰ মনৰ ভাৱ আৰু অভিজ্ঞতা বিনিময় কৰে।