ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 1, 2025 8:21 PM | Assam BJP Meet

printer

ৰাজ্যিক বিজেপিৰ নৱনিৰ্বাচিত জিলা আৰু মণ্ডল সভাপতিৰ বিশেষ সাংগঠনিক কৰ্মশালা

গুৱাহাটীৰ বশিষ্টৰ অটল বিহাৰী বাজপেয়ী ভৱনত আজি ৰাজ্যিক বিজেপিৰ নৱনিৰ্বাচিত জিলা আৰু মণ্ডল সভাপতিসকলৰ বিশেষ সাংগঠনিক কৰ্মশালা আৰু অভিনন্দন সভা অনুষ্ঠিত হয়। সভাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোসৰ লগতে ৰাজ্যিক সভাপতি দিলিপ শ‍ইকীয়া উপস্থিত থাকে। দিলিপ শ‍ইকীয়াই দলটোক শক্তিশালী কৰাৰ স্বাৰ্থত সকলোকে ঐক্যবদ্ধ হ’বলৈ সভাত আহ্বান জনায়। সমাগত পঞ্চায়ত নির্বাচন, স্বায়ত্ত শাসিত পৰিষদৰ নির্বাচন সন্দৰ্ভতো তেওঁ জিলা মণ্ডল সভাপতিসকলক ভালেমান পৰামৰ্শ আগবঢ়ায়। তৃণমূল পৰ্যায়ত দলটোক অধিক শক্তিশালী কৰাৰ সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয় ৷ সভাত ৰাজ্যৰ ৩৯ খন জিলা তথা ৪৩৩ টা মণ্ডলৰ নৱ নিৰ্বাচিত সভাপতিসকলে সভাত অংশ লয়।
ইপিনে, সোনাপুৰত কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ২০২৬ চনৰ বিধানসভা নির্বাচন, মিত্রতা আদি বিষয়সমূহে স্থান লাভ কৰিছে বুলি আমাৰ সংবাদদাতাই জনাইছে। বৈঠকখনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি বিৰোধী দলৰ ভালেকেইজন নেতা উপস্থিত আছে বুলি জানিব পৰা গৈছে।