ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যসমূহৰ পৰা কৃষি সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য আহৰণ কৰাৰ বাবে ব্যাপক সহযোগিতাৰ ব্যৱস্থা কৰা হৈছেঃ কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান

কেন্দ্ৰীয় চৰকাৰে শস্য, বতৰ আৰু পানীৰ তথ্য সংগ্ৰহৰ উদ্দেশ্যে ২,৮১৭ কোটি টকা ব্যয়েৰে কেন্দ্ৰীয় মন্ত্রীসভাই ডিজিটেল কৃষি অভিযানৰ প্ৰস্তাৱত অনুমোদন দিয়া বুলি প্ৰকাশ কৰিছে। লোকসভাত আজি এটা লিখিত উত্তৰত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে ৰাজ্যসমূহৰ পৰা কৃষি সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য আহৰণ কৰাৰ বাবে ব্যাপক সহযোগিতাৰ ব্যৱস্থা কৰা হৈছে। তেওঁ লগতে কয়, যে মোদী চৰকাৰৰ তৃতীয় কাৰ্য্যকালৰ ১০০ দিনৰ ভিতৰত খেতিয়কসকলৰ বাবে ভালেমান উল্লেখনীয় পদক্ষেপ লোৱা হৈছে। কৃষি ক্ষেত্ৰৰ ষ্টাৰ্ট-আপ আৰু গ্ৰাম্য উদ্যমৰ প্ৰসাৰৰ বাবে ৭৫০ কোটি টকাৰে এগ্রিছিয়ৰ পুঁজি আৰম্ভ কৰা হৈছে বুলি কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয়, যে প্রায় ৮ হাজাৰ কৃষক উৎপাদক সংস্থাক ডিজিটেল বাণিজ্যৰ বাবে সাজু কৰি তোলা হৈছে।