■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসমূহক নিৰ্মাণ আৰু সুগম ব্যৱসায়িক বৃদ্ধি তথা ভাৰতক গোলকীয় সেৱা কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে আহ্বান জনাইছে। নতুন দিল্লীত অনুষ্ঠিত মুখ্যসচিবসকলৰ পঞ্চম ৰাষ্ট্ৰীয় সন্মিলনত অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। শ্রীমোদীয়ে উল্লেখ কৰে যে ভাৰতে অতি শীঘ্ৰে ৰাষ্ট্ৰীয় নিৰ্মাণ অভিযান আৰম্ভ কৰিব আৰু প্ৰতিখন ৰাজ্যই ইয়াক অগ্ৰাধিকাৰ দিয়াৰ উপৰি বিশ্বৰ বিভিন্ন কোম্পানীসমূহক আকর্ষণ কৰাৰ বাবে আন্তঃগাঁথনি গঢ়ি তুলিব লাগিব। তিনিদিনীয়াকৈ অনুষ্ঠিত এই সন্মিলনত বিকশিত ভাৰতৰ বাবে মানৱ সম্পদ বিষয়বস্তুৰে আলোচনা অনুষ্ঠিত হয়।
ভাৰতৰ জনসংখ্যাৰ গাঁথনিত আলোকপাত কৰি প্ৰধানমন্ত্রী মোদীয়ে কয়, যে দেশৰ ৭০ শতাংশ লোক কাম কৰিব পৰা বয়সৰ আৰু অৰ্থনৈতিক প্ৰগতিৰ সৈতে ইয়াক একাত্ম কৰিলে এই জনসংখ্যাই বিকশিত ভাৰতৰ যাত্ৰাত বিশেষভাৱে অৰিহণা যোগাব। শ্রীমোদীয়ে কয়, যে এনে এটা সময়ত মুখ্য সচিবসকলৰ সন্মিলন অনুষ্ঠিত হৈছে যেতিয়া দেশ পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰৰ সাক্ষী হৈছে আৰু মুখ্য গোলকীয় অর্থনৈতিক শক্তি হিচাপে পৰিগণিত হোৱাৰ দিশত অগ্ৰসৰ হৈছে। প্ৰশাসন, সেৱা প্ৰদান তথা নিৰ্মাণ কাৰ্যৰ গুণগত মানত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে মেড ইন ইণ্ডিয়াৰ লেবেল উন্নত ব্ৰেণ্ডৰ সামগ্ৰীৰ সৈতে ফেৰ মাৰিব পৰাকৈ উৎকৃষ্টতা আৰু গোলকীয় প্রতিদ্বন্দ্বিতাৰ চিহ্ন হ’ব লাগিব। তেওঁ কয়, যে দেশত নিৰ্মিত এনে সামগ্ৰীসমূহৰ কোনো ধৰণৰ ক্ৰুটি থাকিব নালাগিব আৰু এই সামগ্ৰীসমূহৰ পৰিৱেশৰ ওপৰত প্ৰভাৱ একেবাৰেই কম হ’ব লাগিব। ইয়াৰ জৰিয়তে চৰকাৰৰ শূন্য প্ৰভাৱ, শূন্য ক্ৰুটিৰ প্ৰতিশ্ৰুতিবদ্ধতা শক্তিশালী কৰা হ’ব। প্ৰধানমন্ত্ৰী মোদীয়ে যুৱ চামৰ জীৱন নিৰ্বাহৰ বাবে
পর্যটনেও এটা বিশেষ ভূমিকা ল’ব পাৰে বুলি উল্লেখ কৰে। তেওঁ ৰাজ্যসমূহক কমেও এখনকৈ হ’লেও গোলকীয় পৰ্যায়ৰ পৰ্যটন স্থল গঢ়ি তোলাৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰিবলৈ আহ্বান জনায়।
Site Admin | December 29, 2025 12:08 PM | Akashvani | Akashvani News | narendra modi | PM Modi | PMO India
ৰাজ্যসমূহক ভাৰতক গোলকীয় সেৱা কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ আহ্বান