ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যসভাৰ উপ-সভাপতি হৰিবংশে ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱ খাৰিজ

ৰাজ্যসভাৰ উপ-সভাপতি হৰিবংশে ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱ আজি খাৰিজ কৰিছে। বিৰোধী দলসমূহে জগদীপ ধনখড়ৰ বিৰুদ্ধে বৈসম্যমূলক আচৰণ কৰাৰ অভিযোগ তুলি তেওঁৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছিল। উপ-সভাপতি হৰিবংশে এই কাৰ্যক অসন্মানজনক, অধিক দ্ৰুতিপূর্ণ, খৰখেদাকৈ লোৱা সিদ্ধান্ত আৰু ৰাজ্যসভাৰ সভাপতিগৰাকীৰ সন্মান হানি কৰাৰ চেষ্টা কৰা বুলি অভিহিত কৰিছিল। তেওঁ লগতে এই কার্য সাংবিধানক প্রতিষ্ঠান ধ্বংস কৰাৰ অভিপ্ৰায় বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে, ৰাজ্যসভাৰ সভাপতিগৰাকীক পদৰ পৰা অপসাৰিত কৰাৰ বাবে চলিত মাহৰ ১০ তাৰিখে কমেও ৬০ গৰাকী বিৰোধী সদস্যই তেওঁৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱত স্বাক্ষৰ কৰিছিল।