ৰাজ্যসভাৰ অসমৰ দুখন আসনৰ বাবে শাসনাধিস্থ এন ডি এ মৰ্চাৰ প্ৰাৰ্থী চূড়ান্ত

শাসনাধিস্থিত এন ডি এই অহা ১৯ জুনত হ’বলগীয়া ৰাজ্যসভাৰ অসমৰ দুখন আসনৰ বাবে হবলগীয়া নিৰ্বাচনৰ প্ৰাৰ্থী নাম চূড়ান্ত কৰিছে। বিজেপিয়ে কনাড পুৰকায়স্থ আৰু অগপই পুনৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক প্রার্থিত্ব প্ৰদান কৰিছে। অগপৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পোনাকন বৰুৱাই কালি বৈশ্যৰ নাম আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে। ইপিনে বিজেপিৰ ৰাষ্ট্ৰীয় মহাসচিব অৰুণ কুমাৰ সিনহাই প্রদেশ বিজেপিৰ জ্যেষ্ঠ নেতা কনাড পুৰকায়স্থৰ নাম আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে। ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ কাইলৈ অন্তিম দিন। উল্লেখযোগ্য যে বৰ্তমানৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু মিছন ৰঞ্জন দাসৰ কাৰ্যকাল ১৪ জুনত অন্ত পৰিব।