প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে বৰ্তমানৰ চৰকাৰ সবকা সাথ সবকা বিকাশ নীতিৰে অগ্ৰসৰ হৈছে আৰু সাধাৰণ শ্ৰেণীৰ আৰ্থিকভাৱে দুৰ্বল লোকসকলৰ বাবে ১০ শতাংশ সংৰক্ষণৰ সুবিধা প্ৰদান কৰিছে। ৰাজ্যসভাত আজি ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দি প্রধানমন্ত্ৰীয়ে এই মন্তব্য কৰে। কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰ আৰু উপান্ত শ্ৰেণীৰ লোকসকলৰ উন্নয়নক অগ্ৰাধিকাৰ দিছে বুলি উল্লেখ কৰি চলিত বিত্তীয় বৰ্ষৰ বাজেটত চামৰা উদ্যোগ, জোতাৰ ক্ষুদ্ৰ উদ্যোগকে ধৰি বিভিন্ন ক্ষুদ্ৰ খণ্ডক আগবঢ়াই নিয়াত গুৰুত্ব আৰোপ কৰিছে বুলি তেওঁ মন্তব্য কৰে। দেশত দিব্যাংগ লোকসকলে পূর্বে লাভ নকৰা তেওঁলোকৰ প্ৰাপ্য সুবিধা সম্প্ৰতি লাভ কৰিছে বুলিও শ্রীমোদীয়ে নিজৰ ভাষণত উল্লেখ কৰে। ২০১৪ চনৰ পাছৰে পৰা ভাৰতে প্ৰশাসনৰ এটা বিকল্প আৰ্হি লাভ কৰিছে আৰু এই আৰ্হিয়ে তোষামোদৰ পৰিৱৰ্তে জনসাধাৰণৰ সন্তুষ্টিক প্ৰতিফলিত কৰে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। অনুসূচিত জাতি আৰু জনজাতিৰ লোকসকলৰ কল্যাণৰ লক্ষ্যৰে তেওঁলোকৰ বাবে থকা আইনসমূহ শক্তিশালী কৰাৰ লগতে বঞ্চিত আৰু দলিতসকলৰ অধিকাৰক সুৰক্ষা প্ৰদান কৰিবলৈ চৰকাৰ দায়বদ্ধ বুলিও প্রধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয়, যে ভাৰতে দেশৰ সম্পদসমূহৰ পৰ্যাপ্ত আৰু উচিত ব্যৱহাৰ নিশ্চিত কৰিবলৈ লক্ষ্য লৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৰ ভাষণ অনুপ্ৰেৰণাদায়ক আৰু প্ৰভাৱশালী বুলি নিজৰ ভাষণত উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিগৰাকীৰ বক্তব্যই দেশৰ ভৱিষ্যত গঢ় দিয়াৰ ক্ষেত্ৰত পথ প্ৰদৰ্শকৰ ভূমিকা ল’ব বুলি মন্তব্য কৰে।
Site Admin | February 6, 2025 7:13 PM | PM Answer
ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ প্রধানমন্ত্ৰী মোদীৰ