ৰাজ্যসভাই আজি সমুদ্র পথেৰে সামগ্ৰী পৰিবহন বিধেয়ক ২০২৫ অনুমোদন জনোৱাৰ লগে লগে বিধেয়কখন সংসদত গৃহীত হয়। লোকসভাত ইতিমধ্যে বিধেয়কখন গৃহীত হৈছে। এই বিধেয়কখনে সমুদ্র পথেৰে ভাৰতীয় সামগ্ৰী পৰিবহন আইন ১৯২৫ৰ স্থান লব। আইনখনৰ জৰিয়তে কোনো বন্দৰৰ পৰা সামগ্ৰী লৈ যোৱাৰ সময়ত ইয়াৰ দায়িত্ব, অধিকাৰ, দায়বদ্ধতা, দায়মুক্তি আদি দিশসমূহ নিশ্চিত কৰিব। আইনখনে কেন্দ্ৰীয় চৰকাৰক বিধেয়কখনৰ নীতি- নিয়মসমূহ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত নিৰ্দেশ দিয়াৰো অধিকাৰ দিছে। এই আইনে সামগ্রী বোজাইৰ ৰছিদৰ ক্ষেত্ৰত থকা নিয়মসমূহ নিৰ্দিষ্ট কৰা সূচী সংশোধনৰো অধিকাৰ প্ৰদান কৰিছে। এই ৰছিদত কঢ়িয়াই অনা সামগ্ৰীৰ ধৰণ, পৰিমাণ, গন্তব্যস্থান আদি বিষয় উল্লেখ থাকে। আলোচনাৰ উত্তৰ দি ৰাজ্যিক জাহাজ পৰিবহন আৰু জলপথ ৰাজ্যমন্ত্ৰী শান্তনু ঠাকুৰে কয় যে ১০০ বছৰ পুৰণি নীতি-নিয়মসমূহ বাতিল কৰাই হৈছে সমুদ্ৰ পথেৰে সামগ্ৰী পৰিবহন বিধেয়ক ২০২৫ৰ মূল উদ্দেশ্য।
Site Admin | August 6, 2025 8:22 PM | Bill Pass in RS
ৰাজ্যসভাত সমুদ্র পথেৰে সামগ্ৰী পৰিবহন বিধেয়ক ২০২৫ অনুমোদন