ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যসভাত বেংকৰ আইন সংশোধনী বিধেয়ক ২০২৪ বিবেচনা আৰু পাৰিতৰ বাবে উত্থাপন

ৰাজ্যসভাত আজি বেংকৰ আইন সংশোধনী বিধেয়ক ২০২৪ বিবেচনা আৰু পাৰিতৰ বাবে উত্থাপন কৰে। এই বিধেয়ক ১৯৩৪ চনৰ ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, বেংকৰ নিয়ন্ত্রণ আইন ১৯৪৯, ভাৰতীয় ষ্টেট বেংক আইন ১৯৫৫, বেংকিং কোম্পানী আইন ১৯৭০ আৰু ১৯৮০ ৰ সংশোধনী বিচৰা হৈছে। এই সংশোধনীত প্ৰতিটো বেংকৰ একাউণ্ট ধাৰকসকলৰ পূৰ্বৰ এজন নমিনি থকাৰ বিপৰীতে ৪ জন নমিনি দিয়াৰ ব্যৱস্থা কৰা হৈছে। এই বিধেয়কত বেংকৰ অটিসকলৰ পাৰিতোষিক বৃদ্ধিৰ পোষকতা কৰা হৈছে।
আলোচনাত অংশ লৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কয় যে দেশৰ বেংকিং খণ্ডৰ সৱলীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয়, যে ২০১৪ চনত বেংকিং খণ্ড বিশেষ ছাপত আছিল। অৱশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ক্ষমতালৈ অহাৰ পাছত এটা শক্তিশালী বেংকিং ব্যৱস্থা গঢ়ি তোলাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে বিশেষ পৰিকাথামো গঢ়ি তুলি বেংকিং ব্যৱস্থাক সমৃদ্ধিশালী কৰি তোলে।
আলোচনাত কংগ্ৰেছৰ শক্তি সিং গহিলে কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত বেংকসমূহৰ ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল। বিজেপিৰ অৰুণ সিঙে কয় যে দেশৰ অৰ্থনীতিৰ বাবে বেংকিং ব্যৱস্থাই মূল চালিকা শক্তি। তেওঁ কয়, যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ক্ষমতালৈ অহাৰ পাছত কেন্দ্ৰীয় চৰকাৰে দেশৰ ভিতৰুৱা অঞ্চলসমূহতো বেংকিং ব্যৱস্থাৰ প্ৰসাৰ কৰিছে আৰু ভালেমান বিত্তীয় সংশোধন কৰিছে। তেওঁ কয যে বর্তমান দেশত ৫৪ কোটি বেংক একাউণ্ট কাৰ্যক্ষম হৈ আছে আৰু এই একাউণ্ট ধাৰকসকলক দুৰ্ঘটনাজনিত বীমা আৰু ৰূপে কাৰ্ড সুবিধা প্ৰৱৰ্তন কৰা হৈছে ৷ আলোচনাত অংশ লৈ ডি এম কেৰ কে আৰ এন ৰাজেশ কুমাৰে কয় যে তামিলনাডু চৰকাৰে শিশুসকলৰ বাবে পৃথকে বাজেট প্রস্তুত কৰিছে আৰু কৃষকসকলৰ বাবে ভালেমান কল্যাণকামী আঁচনি প্ৰৱৰ্তন কৰিছে। আম আদমী পাৰ্টীৰ ৰাঘৱ চাদ্দাই কয়, যে বর্তমান দেশৰ ৫০ শতাংশ গ্রামাঞ্চল বেংকিং ব্যৱস্থাৰ আওঁতাৰ বাহিৰত আছে আৰু ৩০ শতাংশ গ্ৰামাঞ্চলৰ লোকৰ এতিয়াও বেংকৰ লগত কোনো ধৰণৰ লেনদেন নাই। তেওঁ কয়, যে দেশত চাইবাৰ অপৰাধ আৰু ডিজিটেল এৰেষ্টৰ ঘটনা বৃদ্ধি পাইছে আৰু বিগত বছৰত দুই লাখ ৯২ হাজাৰ এনে ধৰণৰ ঘটনাৰ তথ্য লাভ কৰা হৈছে। টি এম চিৰ চকেট গোখলে কয়, যে বেংকত ধন জমা কৰা গ্ৰাহকৰ সংখ্যা হ্ৰাস পাইছে, অৱশ্যে বেংকত লোন লোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে।

অধিক পঢ়ক

সকলো চাওক