ডাউনলোড
মোবাইল এপ

android apple
signal

August 20, 2025 8:22 PM | IIM Bill 2025

printer

ৰাজ্যসভাত গৃহীত ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠান সংশোধনী বিধেয়ক-২০২৫

ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠান সংশোধনী বিধেয়ক-২০২৫ আজি ৰাজ্যসভাত গৃহীত হয়। ইয়াৰ লগে লগে বিধেয়কখনে সংসদৰ উভয় সদনৰ অনুমোদন লাভ কৰে। লোকসভাই কালি বিধেয়কখন গ্ৰহণ কৰিছিল । বিধেয়কখন সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰ দি কেন্দ্ৰীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে কয়, যে নতুন প্রতিষ্ঠান স্থাপন কৰিবলৈ আৰু দেশৰ সকলো প্ৰান্তৰ শিক্ষাৰ্থীক সুযোগ দিবলৈ নৰেন্দ্ৰ মোদী চৰকাৰ বদ্ধপৰিকৰ। তেওঁ কয়, যে ২০১৩ চনত মাত্ৰ চাৰে ৩ হাজাৰ বিদ্যাৰ্থী ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠানত অধ্যয়নৰত আছিল আৰু ২০২৪-২৫ বৰ্ষত এনে শিক্ষাৰ্থীৰ সংখ্যা ৯ হাজাৰ ৮০০লৈ বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে বিধেয়কখন উত্থাপন কৰি শ্রীপ্রধানে কয়, যে এই বিধেয়কখনৰ জৰিয়তে ২০১৭ চনৰ ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠান আইনখনৰ সংশোধন কৰা হ’ব। তেওঁ কয়, যে এই বিধেয়খনৰ মাধ্যমেৰে দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ গুৱাহাটীত ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠান আই আই এম স্থাপনৰ পথ প্ৰশস্ত কৰিব খোজা হৈছে। তেওঁ কয়, যে বিধেয়কখনৰ বিভিন্ন ব্যৱস্থাৰ অধীনত আই আই এম গুৱাহাটীয়ে ৫৫৫ কোটি টকা লাভ কৰিব আৰু চলিত শিক্ষা বৰ্ষত প্ৰতিষ্ঠানখনত নাম ভৰ্তি আৰম্ভ হ’ব।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় ব্যৱস্থাপনা সংশোধনী বিধেয়ক ২০২৫ ৰাজ্যসভাত গৃহীত হোৱাটো ৰাজ্যৰ বাবে ঐতিহাসিক দিন বুলি অভিহিত কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয়, যে বিধেয়কখন গৃহীত হোৱাৰ লগে লগে পলাশবাৰীত ৰাজ্যৰ প্ৰথমখন আই আই এম স্থাপনৰ বাট প্রশস্ত হ’ল। তেওঁ লগতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু শিক্ষা মন্ত্ৰী ধর্মেন্দ্ৰ প্ৰধানৰ প্ৰচেষ্টাৰ বাবে এয়া সম্ভৱপৰ হৈ উঠা বুলি মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।