ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যসভাত গৃহীত ভাৰতীয় বন্দৰ বিধেয়ক-২০২৫

ৰাজ্যসভাত আজি ভাৰতীয় বন্দৰ বিধেয়ক ২০২৫ গৃহীত হয়। এই বিধেয়কে বৃহৎ বন্দৰসমূহৰ লগতে ৰাজ্যৰ সামুদ্রিক বোর্ডৰ প্ৰতিষ্ঠা আৰু ইয়াৰ সৱলীকৰণ, বন্দৰ খণ্ডৰ উন্নয়ন আৰু ৰাজ্যিক সামুদ্রিক উন্নয়ন পৰিষদৰ আন্তঃগাথনি বিকশাই তোলাৰ লগতে প্ৰদূষণ, দুৰ্যোগ, জৰুৰীকালীন, সুৰক্ষা, দিশ নিৰ্ণয়, বন্দৰৰ তথ্য আদি আহৰণৰ সুবিধা প্ৰদান কৰিব। এই বিধেয়কে লগতে বন্দৰৰ লগত জড়িত বিভিন্ন বিবাদসমূহ মীমাংসা আৰু ইয়াৰ লগত জড়িত বিষয়সমূহ চোৱা-চিতা কৰাৰ ক্ষেত্ৰত সহায়ক হ’ব। এই বিধেয়কৰ সন্দৰ্ভত হোৱা আলোচনাত অংশ লৈ কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, যে এই বিধেয়কখন অতি উল্লেখযোগ্য কাৰণ ইয়াৰ ফলত সকলো উপকুলীয় ৰাজ্য আৰু ইয়াৰ লগতে জড়িত সংশ্লিষ্ট পক্ষক ই সামৰি ল’ব । তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অচিৰেই ভাৰত বিশ্বৰ সামুদ্রিক মানচিত্ৰত উল্লেখযোগ্য দেশ হিচাপে পৰিগণিত হ’ব। অচিৰেই ভাৰত বিশ্বৰ তৃতীয় অৰ্থব্যৱস্থাৰ দেশ হিচাপে পৰিগণিত হ’ব বুলি মন্তব্য কৰি কয়, যে এই ক্ষেত্ৰত এই মন্ত্ৰালয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।