ৰাজ্যসভাত আজি ৰাষ্ট্ৰীয় ক্রীড়া প্ৰশাসন বিধেয়ক ২০২৫ আৰু ৰাষ্ট্ৰীয় ড’পিং বিৰোধী সংশোধন বিধেয়ক-২০২৫ বিবেচনাৰ বাবে গ্ৰহণ কৰা হয়। ৰাষ্ট্ৰীয় ক্রীড়া প্রশাসন বিধেয়কখনত ৰাষ্ট্ৰীয় ক্রীড়া সংস্থাসমূহক স্বীকৃতি প্রদান কৰাৰ লগতে সেইসমূহৰ কাম-কাজ নিয়ন্ত্ৰণ কৰাৰ সুবিধা থাকিব। এই বিধেয়কখনত ৰাষ্ট্ৰীয় অলিম্পিক কমিটি, ৰাষ্ট্ৰীয় পেৰালিম্পিক কমিটি, ৰাষ্ট্ৰীয় তথা আঞ্চলিক ক্রীড়া ফেডাৰেচন স্থাপনৰো ব্যৱস্থা আছে। ৰাষ্ট্ৰীয় ক্রীড়া সংস্থাসমূহে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ সৈতে স্বীকৃতি লাভ কৰিব। ইয়াৰ উপৰি এই বিধেয়কখনে ৰাষ্ট্ৰীয় ক্রীড়া পৰিষদ গঠন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক অধিকাৰ প্ৰদান কৰিব ।
ৰাষ্ট্ৰীয় ড’পিং বিৰোধী সংশোধন বিধেয়ক-২০২৫-এ ৰাষ্ট্ৰীয় ড’পিং বিৰোধী আইন – ২০২২ৰ সংশোধন ঘটাব। এই বিধেয়কে ক্ৰীড়াৰ ক্ষেত্ৰত ড’পিঙৰ বিৰুদ্ধে ইউনেস্ক’ কনভেচনক প্ৰভাৱশালী হিচাপে বিবেচিত কৰিব। ইয়াৰ জৰিয়তে ক্রীড়াত ড’পিঙৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰা হ’ব। এই বিধেয়ক সন্দৰ্ভত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াই কয়, যে চৰকাৰে ক্ৰীড়া ফেডাৰেচনসমূহৰ নিৰ্বাচন তথা ইয়াৰ অধীনত খেলুৱৈ নিৰ্বাচন আৰু মহিলা খেলুৱৈৰ প্ৰতিনিধিত্ব বৃদ্ধি কৰাৰ উদ্দেশ্যে এই বিধেয়কখন উত্থাপন কৰিছে। তেওঁ কয়, যে ক্ৰীড়াৰ ক্ষেত্ৰখনত ক্ৰীড়াবিদ, ক্রীড়া সংস্থা আৰু চৰকাৰ – এই তিনি ধৰণৰ অংশীদাৰ আছে আৰু এইসমূহৰ মাজত উপযুক্ত সহযোগিতা থকা অত্যন্ত প্রয়োজন। শ্রীমন্দাভিয়াই কয়, যে দেশত বৰ্তমান ক্রীড়া ফেডাৰেচন নিৰ্বাচনৰ সৈতে জড়িত ৩৫০ টাৰো অধিক গোচৰ বিবেচনাধীন হৈ আছে। মন্ত্ৰীগৰাকীয়ে দেশৰ প্ৰতিগৰাকী যুৱক-যুৱতীক ক্ৰীড়াৰ ক্ষেত্ৰত উপযুক্ত সুযোগ প্ৰদানৰ প্ৰয়োজন সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, যে বর্তমান বিশ্বৰ ২০ খন দেশত ক্ৰীড়া সম্বন্ধীয় আইন আছে, কিন্তু ভাৰতত এতিয়ালৈকে এনেধৰণৰ কোনো আইন নাই।
বিতৰ্কত অংশগ্ৰহণ কৰি YSRCPৰ অযোধ্যা ৰামী ৰেড্ডীয়ে কয়, যে কঠোৰ পৰিশ্ৰম কৰা দেশৰ ক্রীড়াবিদসকলৰ সংস্কাৰৰ বাবে এই বিধেয়ক দুখন অত্যন্ত প্রয়োজনীয়। এই বিধেয়কে ক্রীড়া ক্ষেত্ৰত স্বচ্ছতা আনিব বুলিও তেওঁ উল্লেখ কৰে। এন চি পিৰ প্ৰফুল পেটেলে ক্রীড়া ক্ষেত্ৰত সৰ্বাত্মক আইন প্রণয়ন প্রয়োজনীয়তা সম্পর্কত গুৰুত্ব আৰোপ কৰে। দক্ষতা বিকাশ আৰু উদ্যমিতা ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধাৰীয়ে কয়, যে এই বিধেয়কে ক্রীড়া ক্ষেত্ৰখনত নতুন বিপ্লৱৰ সূচনা কৰিব।
Site Admin | August 12, 2025 9:03 PM | RS Today
ৰাজ্যসভাত আজি কেইবাখনো বিধেয়ক উত্থাপন