ৰাজ্যবাসীক মিলাপ্ৰীতিৰে ভোগালী উৎসৱ পালন কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ আহ্বান

ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাথো আজিৰ দিনটো থকা অৱস্থাত ৰাজ্যজুৰি এতিয়া ভোগালীৰ উছাহ পৰিলক্ষিত হৈছে। সোমবাৰে উৰুকা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সমগ্ৰ ৰাজ্যবাসীক মিলাপ্ৰীতিৰে ভোগালী উৎসৱ পালন কৰিবলৈ আহ্বান জনাইছে। কালি গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত এখন ভোগালী মেলাত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিখন বিপণী পৰিদৰ্শন কৰি দৈ, ক্রীম, গুৰ, লাডু-পিঠা আদিৰ সোৱাদ লয়। ভোগালী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাজহুৱা স্থান আৰু পথাৰত ভিন ভিন আৰ্হিৰে ভেলাঘৰ আৰু মেজি প্ৰস্তুত কৰি তোলা হৈছে। গ্রামাঞ্চলত ঘৰে ঘৰে ঢেঁকীৰ শব্দই বিহুৰ পৰিৱেশৰ সৃষ্টি কৰিছে। গাঁৱে গাঁৱে জীয়ৰী-বোৱাৰীসকল পিঠা-পনা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। ইয়াৰ সমান্তৰালকৈ বজাৰ- সমাবতো ভিব হোৱা দেখা গৈছে। ইপিনে, অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অধীনত বিভিন্ন জিলাত ভোগালী মেলাৰ আয়োজন কৰা হৈছে। এই ভোগালী মেলাসমূহত বিভিন্ন আত্মসহায়ক গোটৰ লগতে স্থানীয় মহিলাসকলে পিঠা-পনা, বস্ত্ৰ আদি লৈ অংশ গ্ৰহণ কৰিছে। মেলাৰ লগত সংগতি ৰাখি মহিলাসকলৰ মাজত থলুৱা খেল-ধেমালিৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।