ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

December 4, 2024 8:29 PM | Assam Governor

printer

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যৰ নগাঁও জিলা ভ্ৰমণ

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই আজি নগাঁও জিলাত উপস্থিত হৈ বিভিন্ন উন্নয়নমূলক কাম-কাজ পৰিদৰ্শন কৰে। ভৱনৰ প্ৰথম পৰ্যায়ত ৰাজ্যপালগৰাকীয়ে ৰহা ৰাজহ চক্ৰৰ অধীনত ৰূপায়িত হৈ থকা বিভিন্ন আঁচনি পৰিদৰ্শন কৰে। ইয়াৰ পাছতে তেওঁ ৰহাৰ বগলাজানত উপস্থিত হৈ ৰহা-কামপুৰ পথৰ কপিলী নৈৰ খহনীয়া পৰিদৰ্শন কৰে । উল্লেখযোগ্য যে চলিত বছৰৰ বানত পথটোৰ সেই অঞ্চলত কপিলী নৈৰ গৰাখহনীয়াৰ ফলত যাতায়ত ব্যাহত হৈছিল। ইয়াৰ পাছতে ৰাজ্যপালগৰাকীয়ে অঞ্চলটোৰ বান ক্ষতিগ্ৰস্ত জনসাধাৰণৰ বিভিন্ন সা-সুবিধাৰ বুজ লোৱাৰ লগতে তেওঁলোকে চৰকাৰী সাহায্য লাভ কৰিছে নে নাই সেই বিষয়ে বুজ লয়। ৰাজ্যপাল শ্ৰীআচাৰ্যই ইয়াৰ পাছতে বগলাজান পঞ্চায়তৰ ধেমাজি গাঁৱত নিৰ্মাণ কৰা অমৃত সৰোবৰ প্ৰকল্প পৰিদৰ্শন কৰে। তেওঁৰ এই ভ্ৰমণৰ অংশ হিচাপে বাহাকাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে। লগতে ৰহাৰ তিনিŽতিত নির্মীয়মান গৰাখহনীয়া প্ৰতিৰোধৰ কাম-কাজ পৰিদৰ্শন কৰে।