বিটিচি নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰা বিপিএফ দলে আজি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যক সাক্ষাৎ কৰি পৰিষদীয় চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰে। ৰাজপালগৰাকীক কৰা সাক্ষাতৰ পাছত বি পি এফৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, যে অহা তিনি অক্টোবৰত কোকৰাঝাৰত আয়োজিত অনুষ্ঠানত দলটোৱে শপত গ্ৰহণ কৰিব। এই অনুষ্ঠানত ৰাজ্যপালগৰাকীক আমন্ত্ৰণ জনোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে। পৰিষদীয় চৰকাৰত বি জে পি আৰু ইউ পি পি এলৰ সদস্য থাকিবনে নাই বুলি সোধা প্ৰশ্নৰ উত্তৰত শ্ৰী মহিলাৰীয়ে কয়, যে কোনো দলে সমৰ্থন জনালে আদৰণি জনোৱা হ’ব। এই সন্দৰ্ভত দলীয় সদস্যসকলৰ সৈতে আলোচনা কৰি চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব বুলি তেওঁ কয়। আজি সন্ধিয়া তেওঁ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্রণ জনাব বুলি উল্লেখ কৰে। বি টি আৰ বাসীক ভূমি পট্টা প্ৰদান কৰাটো নতুন পৰিষদীয় চৰকাৰৰ মূল লক্ষ্য হ’ব বুলি তেওঁ উল্লেখ কৰে। শ্ৰী মহিলাৰীয়ে জনতাৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত কোকৰাঝাৰত শিল্পীগৰাকীৰ এটা প্রতিমূর্তি আৰু এখন উদ্যান নিৰ্মাণ কৰা হ’ব বুলিও জানিবলৈ দিয়ে। উল্লেখযোগ্য যে বড়োলেণ্ডৰ ৫ খন জিলাৰ ৪০টা পৰিষদীয় সমষ্টিৰ নিৰ্বাচনত বি পি এফ দলে ২৮ খন আসন দখলেৰে একক সংখ্যাগৰিষ্ঠ দল হিচাপে নিৰ্বাচিত হৈছে। এই নির্বাচনত প্রমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এল দলে মাত্র ৭ খন আসনহে লাভ কৰিবলৈ সমৰ্থ হয়। শাসনাধিষ্ঠিত বিজেপিয়ে কেৱল ৫ খন আসনহে লাভ কৰে। ইপিনে, ইউ পি পি এল দলৰ মুৰববী প্রমোদ বড়োৱে আজি ৰাজ্যপাল শ্ৰী আচাৰ্যক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰে।
Site Admin | September 28, 2025 8:32 PM | BPF | BTC election
ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যক সাক্ষাৎ কৰি পৰিষদীয় চৰকাৰ গঠনৰ বাবে বিপিএফ দলৰ দাবী উত্থাপন
