ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচাৰ্যৰ ২০২৪ বৰ্ষৰ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান

ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচাৰ্যই আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা অনুষ্ঠানত ২০২৪ বৰ্ষৰ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মানসমূহ প্ৰদান কৰে। অৱসৰপ্ৰাপ্ত সেনা বিষয়া লেফটেনেণ্ট জেনেৰেল বাণা প্রতাপ কলিতালৈ অসম বৈভৱ সন্মান আগবঢ়োৱা হয়।

সংগীত শিল্পী দ্বীপেন বৰুৱা, নাট্যকাৰ হেমন্ত দত্ত, ক্ৰিকেটাৰ উমা চেত্ৰী আৰু টাটা কনছালটেন্সি ছাৰ্ভিচেছৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ড° এছ বামডুৰাই, ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° বাপ্পী পাল আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপিকা ড° পূৰৱী শ‍ইকীয়াক অসম সৌৰভ সন্মান প্ৰদান কৰা হয়৷ একেদৰে, শগুণৰ সংৰক্ষণৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি থকা ফুলেশ্বৰী দত্ত আৰু বাইক ৰাইডাৰ মিনাক্ষী দাসকে ধৰি বিভিন্ন ক্ষেত্ৰত সমাজ জীৱনলৈ বিশেষ বৰঙণি আগবঢ়োৱা ১২ গৰাকী ব্যক্তিৰ লগতে আন তিনিটা প্ৰতিষ্ঠান কলিয়াবৰৰ চোৰেং এহেম, তিনিচুকীয়াৰ ইকো-ডেভেলপ ছ’চাইটী আৰু নগাঁৱৰ হাতীবন্ধুলৈ আজি অসম গৌৰৱ সন্মান আগবঢ়োৱা হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।