ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যপালে ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে সুৰক্ষিত ৰখা বিধেয়ক সন্দৰ্ভত ৰাষ্ট্ৰপতিয়ে তিনি মাহৰ ভিতৰত সিদ্ধান্ত লোৱা উচিত বুলি উচ্চতম ন্যায়ালয়ৰ ৰায়

ৰাজ্যপালে ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে সুৰক্ষিত ৰখা বিধেয়ক সন্দৰ্ভত ৰাষ্ট্ৰপতিয়ে তিনি মাহৰ ভিতৰত সিদ্ধান্ত লোৱা উচিত বুলি উচ্চতম ন্যায়ালয়ে ৰায় দিছে। ন্যায়াধীশ জে বি পার্ডিৱালা আৰু ন্যায়াধীশ মহাদেৱনৰ এখন বিচাৰপীঠে কালি এটা ৰায় যোগে এই বুলি স্পষ্ট কৰি দিয়ে যে, সিদ্ধান্ত লোৱাত পলম হ’লে তাৰ বৈধ কাৰণ উল্লেখ কৰাৰ লগতে সংশ্লিষ্ট ৰাজ্যক সেই বিষয়ে অৱগত কৰা উচিত। বিচাৰপীঠখনে তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবিয়ে ১০ খন বিবেচনাধীন বিধেয়ক অনুমোদন নজনোৱাৰ বাবে লোৱা সিদ্ধান্ত খাৰিজ কৰে আৰু ৰাষ্ট্ৰপতিয়েও ৰাজ্যপালে প্ৰেৰণ কৰা বিধেয়ক সন্দৰ্ভত সিদ্ধান্ত গ্রহণ কৰিবলৈ তিনি মাহতকৈ অধিক সময় ল’ব নালাগে বুলি ৰায় দিয়ে। নিৰ্ধাৰিত সময়ৰ ভিতৰত ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাজ্যসমূহৰ ন্যায়ালয়ৰ কাষ চপাৰ অধিকাৰ আছে। সাংবিধানিক উদ্বেগৰ বাবে কোনো বিধেয়কত বাধা প্ৰদান কৰিবলগীয়া হ’লে সংবিধানৰ ১৪৩ নম্বৰ অনুচ্ছেদ অধীনত ৰাষ্ট্ৰপতিয়ে সর্বোচ্চ ন্যায়ালয়ৰ পৰামৰ্শ ল’ব লাগে বুলি উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে। সর্বোচ্চ ন্যায়ালয়ে কয়, যে ২০০ নম্বৰ অনুচ্ছেদৰ অধীনত কাৰ্যৰ বাবে সময়সীমা নির্ধাৰণ কৰি ন্যায়ালয়ে ৰাজ্যপালৰ পদমর্যদা লাঘব কৰা নাই যদিও তেওঁলোকে সংসদীয় গণতন্ত্ৰৰ পৰম্পৰাৰ প্ৰতি যথোচিত সন্মানেৰে কাম কৰা উচিত। ২০০ নম্বৰ অনুচ্ছেদৰ অধীনত ৰাজ্যপালসকলে তেওঁলোকৰ ওচৰত দাখিল কৰা বিধেয়কত অনুমোদন জনোৱাৰ, অনুমোদনত বাধা প্ৰদান কৰাৰ অথবা ৰাষ্ট্ৰপতিৰ বিবেচনাৰ বাবে প্ৰেৰণ কৰাৰ অধিকাৰ লাভ কৰে।

অধিক পঢ়ক

সকলো চাওক