● ৰাজ্য চৰকাৰে মাদক দ্ৰব্যৰ সৰবৰাহৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ স্থিতি অব্যাহত ৰাখি ২০২১ চনৰ পৰা বৰ্তমানলৈ ২,৮৮২ কোটি টকা মূল্যৰো অধিক মাদক দ্রব্য জব্দ কৰিছে। বিধানসভাত কালি সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই কথা সদৰী কৰে। তেওঁ কয়, যে ২০২১চনৰ অক্টোবৰৰ পৰা এতিয়ালৈ মাদক দ্রব্য সৰবৰাহত সন্দৰ্ভত ১৪হাজাৰ ২৩৯টা গোচৰ ৰুজু কৰা হৈছে। এনে সৰবৰাহ কাৰ্যত জড়িত থকাৰ অভিযোগত ২৩ হাজাৰ ২৭৫ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। জব্দ কৰা মাদক দ্ৰব্যৰ ভিতৰত ৪৩৪ কোটি ৫৬ লাখ টকা মূল্যৰ মাদক দ্রব্য ধ্বংস কৰা হৈছে। একেদৰে, ৰাজ্য চৰকাৰে ২০২৩ চনৰ জানুৱাৰীৰ পৰা চলিত বছৰৰ অক্টোবৰলৈ অবৈধ সুৰাৰ বিৰুদ্ধে ১১১টা গোচৰ ৰুজু কৰিছে আৰু ৩লাখ ২৬ হাজাৰ লিটাৰৰো অধিক অবৈধ সুৰা জব্দ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে সদনত প্ৰকাশ কৰে।
Site Admin | November 27, 2025 1:11 PM | Akashvani | Akashvani News | Assam Assembly
ৰাজ্যত ২০২১ চনৰ পৰা বৰ্তমানলৈ ২,৮৮২ কোটি টকা মূল্যৰো অধিক মাদক দ্রব্য জব্দ