ৰাজ্যত ২০১৯ চনৰ পৰা বৰ্তমানলৈকে ৪৩০ জন চৰকাৰী বিষয়া কৰ্মচাৰীক দুর্নীতি নিবাৰণ আইনৰ অধীনত গ্ৰেপ্তাৰ

ৰাজ্যত ২০১৯ চনৰ পৰা বৰ্তমানলৈকে ৪৩০ জন চৰকাৰী বিষয়া কৰ্মচাৰীক দুর্নীতি নিবাৰণ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰে ভিতৰত অসম আৰক্ষীৰ তদাৰকী আৰু দুর্নীতি নিবাৰণী শাখাই ৩০২ জনক, মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ শাখাই ৮৮ জনক আৰু আৰক্ষীয়ে ৪০ জন বিষয়া কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে। অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ কালি অন্তিম দিনা বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা সদৰি কৰে। তেওঁ কয়, যে গ্ৰেপ্তাৰ হোৱা বিষয়া-কৰ্মচাৰীৰ বিচাৰ প্ৰক্ৰিয়া আদালতত চলি আছে যদিও এতিয়ালৈকে কোনো দোষী সাব্যস্ত হোৱা নাই। অৱশ্যে ২৩ জন বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰৰ পাছতে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে আৰু ৫ জনৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তি বাজেয়াপ্ত কৰা হৈছে। ২০১৯ চনৰ পৰা ২৫ জন বিষয়া-কর্মচাৰীক আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি ৰখাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। আন এটা প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রীয়ে কয়, যে ২০১৯ চনৰ ১০ মে’ৰ পৰা যোৱা ১৯ নৱেম্বৰলৈ ৩৯ জন অভিযুক্তৰ অসম আৰক্ষী জিম্মাত মৃত্যু হৈছে। একেদৰে ১৮৩ জন অভিযুক্ত গুলীবিদ্ধ বা আঘাতপ্রাপ্ত হৈছে। এই সন্দর্ভত তদন্ত কৰা হৈছে বুলিও মুখ্যমন্ত্রীয়ে কয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।