ৰাজ্যত ১৪ এপ্ৰিলৰ পৰা পালন কৰা অগ্নি নির্বাপক সেৱা সপ্তাহৰ সামৰণি

ৰাজ্যত যোৱা ১৪ এপ্ৰিলৰ পৰা পালন কৰা অগ্নি নির্বাপক সেৱা সপ্তাহৰ আজি সামৰণি পৰে। এই সময়ছোৱাত ৰাজ্যৰ অগ্নি আৰু আপদকালীন সেৱা সঞ্চালকালয়ে অগ্নিকাণ্ডৰ পৰা হাত সাৰি থাকিবৰ বাবে জনসাধাৰণক সজাগ কৰিবলৈ ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হয়। ইয়াৰ লগতে ৰাইজক জুই লগা ঘটনাৰ পৰা হাত সাৰিবলৈ বিভিন্ন বিভিন্ন পৰামৰ্শ জাৰি কৰিছে। তদুপৰি ঘৰৰ পৰা ওলাই যোৱাৰ আগতে সকলো বৈদ্যুতিক সা-সঁজুলি আৰু ৰন্ধন গেছৰ ৰেগুলেটৰ বন্ধ কৰি যাবলৈও কোৱা হৈছে। ৰন্ধন গেছৰ চিলিণ্ডাৰত জুই লাগিলে আতংকিত নহয় ন’বটো বন্ধ কৰিবলৈ আৰু জ্বলি থকা চিলিণ্ডাৰ তিতা কাপোৰেৰে ঢাকিবলৈ পৰামৰ্শ দিয়া হৈছে।