ৰাজ্যত সম্পূর্ণ নতুন পদ্ধতিৰে গাঁও পঞ্চায়ত গঠনৰ প্ৰক্ৰিয়া কালি আৰম্ভ হৈছে। জিলা আয়ুক্তই নিয়োগ কৰা বিষয়াই পঞ্চায়তৰ জনপ্রতিনিধিসকলক গোপনীয়তাৰ শপতবাক্য পাঠ কৰায়। ইয়াৰ পাছতে সংশোধিত পঞ্চায়ত আইন অনুসৰি এইবাৰ প্ৰথমবাৰৰ বাবে নিৰ্বাচিত সদস্যই গোপন ভোটৰ জৰিয়তে নিজ নিজ গাঁও পঞ্চায়তৰ সভাপতি আৰু উপ-সভাপতি নির্বাচন কৰে।
পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ বহু পাছত বিভিন্ন জিলাত পঞ্চায়ত গঠন প্ৰক্ৰিয়াত বিজেপিৰ মন্ত্ৰী, বিধায়কসকল ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। পঞ্চায়ত নিৰ্বাচিত সদস্যসকলৰ দ্বাৰা পঞ্চায়তৰ সভাপতি বাছনিৰে পঞ্চায়ত গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছে যদিও বহু পঞ্চায়তত অনাকাংক্ষিত পৰিস্থিতিৰো সৃষ্টি হৈছে। বিভাগীয় নির্দেশনা অনুসৰি অহা ১০ জুলাই পর্যন্ত পঞ্চায়ত গঠনৰ প্ৰক্ৰিয়া অব্যাহত থাকিব। এই সময়ছোৱাত ৰাজ্যত ২,২৯২ খন গাঁও পঞ্চায়ত গঠন কৰা হ’ব। ইয়াৰ পাছত পৰ্যায়ক্রমে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদসমূহ গঠন কৰা হ’ব। পঞ্চায়ত গঠনৰ প্ৰথম দিনাই কালি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বজালীৰ বামুণকুছি গাঁও পঞ্চায়তত পর্যালোচনা বৈঠকত মিলিত হয়। গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তসমূহৰ বিত্তীয় ক্ষমতা বৃদ্ধি কৰাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে ৫ লাখ টকালৈকে থকা সকলো হাট, ঘাট আৰু বজাৰ পঞ্চায়তৰ হাতত নিবিদা আহ্বান কৰাৰ দায়িত্ব অর্পণ কৰা হৈছে। ৫ৰ পৰা ১০ লাখ টকালৈ আঞ্চলিক পঞ্চায়তে নিবিদা আহ্বান কৰিব পাৰিব আৰু ইয়াৰ অধিক হ’লে জিলা পৰিষদে নিবিদা দিব পাৰিব। পঞ্চায়তসমূহ গঠনৰ লগে লগে উন্নয়নমূলক কাম-কাজৰ বাবে কেন্দ্ৰীয় চৰকাৰে পঞ্চদশ বিত্ত আয়োগৰ ধন মুকলি কৰিব বুলি আশা কৰা হৈছে৷
Site Admin | June 22, 2025 11:36 AM | Gaon panchyat
ৰাজ্যত সম্পূর্ণ নতুন পদ্ধতিৰে গাঁও পঞ্চায়ত গঠনৰ প্ৰক্ৰিয়া আৰম্ভ
