December 14, 2025 8:28 PM | Picnic Spot

printer

ৰাজ্যত শীত নমাৰ লগে লগে বনভোজস্থলীসমূহ জনসমাগমেৰে মুখৰ হৈ উঠিছে

ৰাজ্যত শীত নমাৰ লগে লগে বনভোজৰো বতৰ অহা পৰিলক্ষিত হৈছে। বছৰটোৰ শেষৰ দিনকেইটি তথা সমাগত মাঘ বিহু আৰু নৱবৰ্ষৰ মাজৰ দিনকেইটিত ৰাজ্যৰ বনভোজস্থলীসমূহ জনসমাগমেৰে মুখৰ হৈ উঠিছে। বাক্সা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নাৰায়ণগুৰি বনভোজস্থলীত আজি বনভোজৰ বাবে ব্যাপক জন সমাগম হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা উৎসাহী লোকে বেকী নৈত নৌকা বিহাৰ কৰাৰ লগতে মাছে-মঙহে এসাজ খাই আনন্দ উল্লাহ কৰে। গোৱালপাৰা জিলাৰ শ্ৰীশ্ৰীসূর্য পাহাৰতো আজি ব্যাপক জনসমাগম হয়। সনাতন হিন্দু, বৌদ্ধ তথা জৈনসকলৰ মিলনভূমিস্বৰূপ ঐতিহাসিক শ্রীশ্রীসূৰ্যপাহাৰত তীর্থযাত্রী আৰু পর্যটকসকলৰ আগমনে উখল-মাখল পৰিবেশৰ সৃষ্টি কৰে। চিৰাং জিলাৰ সীমান্তৰ বনভোজস্থলীসমূহতো কেইবাটাও বনভোজৰ দলৰ আগমন হয়। জিলাখনৰ বেংটল, আমগুৰি সংযোগী পথৰ আইপোৱালী নৈৰ পাৰত বিটিচিৰ কাৰ্যবাহী সদস্য পানীৰামৰ ব্ৰহ্ম আৰু ধীৰাজ বৰগঞাৰীয়ে এটি বনভোজস্থলী মুকলি কৰে। উল্লেখযোগ্য যে জিলাখনৰ গাভৰুখুন্দা, কালামাটি, বনাবিলি, দেহশ্রী, নিজলাগুৰি, গৰুভাষা, হাগ্রামা দলং, ডাংটল আদর্শ গাওঁৰ নিকটবর্তী ভূমিশ্বৰ পাহাৰৰ নামনিত কুজিয়া নৈৰ নৈসর্গিত পৰিবেশত বনভোজস্থলীসমূহ সাজু কৰি তোলা হৈছে। দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তবর্তী জিমিলি গাওঁতো বনভোজ খাবলৈ তথা প্রাকৃতিক সৌন্দর্য উপভোগ কৰিবলৈ বহু পৰ্যটকৰ আগমন ঘটিছে। উল্লেখযোগ্য যে, ৰাভা জনগোষ্ঠী অধ্যুষিত এই গাঁৱখনত শতাধিক কমলা বাগিছা আছে। ৰাজ্যখনৰ বিভিন্ন বনভোজস্থলীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি নিবেদন কৰা পৰিলক্ষিত হৈছে। তদুপৰি স্থানীয় কর্তৃপক্ষসমূহে বনভোজস্থলীসমূহত চাফ চিকুণতা তথা শৃংখলা বজাই ৰাখিবলৈ জনসাধাৰণলৈ আহ্বান জনাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।