ৰাজ্যত মুঠ ১ লাখ ১৯ হাজাৰ ৫৪৮ বিঘা ভূমি অবৈধ দখলৰপৰা মুক্ত কৰা হৈছে। ইয়াৰে ৮৪ হাজাৰ ৭৪৩ বিঘা বনাঞ্চলৰ, ৩ হাজাৰ ৬৪৩ বিঘা গাঁৱৰ চৰণীয়া পথাৰ আৰু সংৰক্ষিত চৰণীয়া পথাৰ, ৪ হাজাৰ ৪৪৯ বিঘা সত্ৰ-নামঘৰ-মন্দিৰৰ ভূমি আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে দখলমুক্ত কৰা ভূমি গুৱাহাটী মহানগৰীৰ আকাৰৰ সমান। উচ্ছেদ কৰা ভূমিৰ ভিতৰত শোণিতপুৰত সৰ্বাধিক ৩৯ হাজাৰ ৫২৭ বিঘাৰো অধিক, দৰঙত ১৭ হাজাৰ ৯০৫ বিঘা আৰু লখিমপুৰত ১৩ হাজাৰ ৪৮১ বিঘাৰো অধিক ভূমি আছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। সংৰক্ষিত বনাঞ্চলৰ ভূমিৰপৰা দখলকাৰীক উচ্ছেদৰ ফলত ৰাজ্যখনলৈ নতুন পৰিৱেশ ঘূৰি আহিছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।
তেওঁ কয় যে ব্যাপক অনুপ্ৰৱেশ আৰু জিলাসমূহৰ জনগাঁথনিৰ সলনিৰ অভিসন্ধিৰে পৰিকল্পিত দখলৰ ফলত অসমে অস্তিত্বৰ ভাবুকিৰ সন্মুখীন হৈছে। এই উচ্ছেদ অভিযানক ৰাজনৈতিক দৃষ্টিভংগীৰে গ্ৰহণ নকৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। লখিমপুৰত উচ্ছেদ অভিযানৰ সময়ত একাংশ ৰাজনৈতিক নেতাই বিষয়টোক অন্যৰূপ দিয়াৰ চেষ্টা চলোৱাৰ লগতে উদ্দেশ্যপ্রণোদিতভাৱে মূল বিষয়টোৰ পৰা আঁতৰি থাকিল বুলিও তেওঁ উল্লেখ কৰে।
ইপিনে ভূমি, বনাঞ্চল, জলাশয়, ধর্মীয় স্থান আদি দখলমুক্ত কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজেপিয়ে মুখ্যমন্ত্রী ড০ শৰ্মাক ধন্যবাদ জ্ঞাপনৰ কাৰ্যসূচী লৈছে। গুৱাহাটীত খানাপাৰাত আজি এই উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি দীলিপ শইকীয়াই অংশ লয়। একেদৰে উচ্ছেদৰ সমৰ্থনত ধুবুৰী জিলা বিজেপিয়ে চহৰখনত শোভাযাত্ৰা উলিয়ায়। কাছাৰ জিলা বিজেপিয়ে সমদল উলিয়াই আজি উচ্ছেদ অভিযান প্রতি সমর্থন ব্যক্ত কৰে। সমদলত সাংসদ কনাড পুৰকায়স্থ, পৰিমল শুক্লবৈদ্যৰ উপৰি দলৰ ভালেসংখ্যক নেতা-কর্মী উপস্থিত থাকে।
Site Admin | July 15, 2025 8:26 PM | CM Press Meet
ৰাজ্যত মুঠ ১,১৯,৫৪৮ বিঘা ভূমি অবৈধ দখলৰপৰা মুক্ত কৰা হৈছে : মুখ্যমন্ত্ৰী
