ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ খচৰা তালিকা আজি প্ৰকাশ কৰা হয়। এই তালিকা সন্দৰ্ভত ৰাইজে অহা ২২ জানুৱাৰী পৰ্যন্ত ওজৰ-আপত্তি দাখিল কৰিব পাৰিব। ওজৰ-আপত্তি নিষ্পত্তিৰ বাবে ৩, ৪, ১০ আৰু ১১ জানুৱাৰীত বিশেষ শিবিৰ অনুষ্ঠিত হ’ব। ২ ফেব্ৰুৱাৰীৰ ভিতৰত এই ওজৰ-আপত্তিসমূহ নিষ্পত্তি কৰি ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰা হ’ব। খচৰা তালিকা অনুসৰি ভোটাৰ তালিকাৰ পাৰা ৰাজ্যৰ ৪ লাখ ৭৮ হাজাৰ ৯৯২ জন ভোটদাতাৰ নাম কৰ্তন কৰা হৈছে। বাসস্থান সলনি কৰা ৫ লাখ ২৩ হাজাৰ ৬৬০ জন ভোটদাতাক চিনাক্ত কৰাৰ লগতে কেইবাটাও স্থানত নাম থকা ৫৩ হাজাৰ ৬১৯ জন ভোটদাতাক চিনাক্ত কৰা হৈছে। এই তালিকা অনুসৰি ৰাজ্যত মুঠ ভোটদাতা ২ কোটি ৫২ লাখ ২,৭৭৫ আৰু ডি-ভোটাৰ ৫৩ হাজাৰ ২১ জন।
কামৰূপ মহানগৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টি সামৰি আজি ফটোযুক্ত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰা হয়।
খচৰা তালিকা অনুসৰি কামৰূপ মহানগৰ জিলাত ১ দশমিক ৬-৩ শতাংশ ভোটদাতা বৃদ্ধি হোৱাৰ লগতে ১০৫টা অতিৰিক্ত ভোটগ্রহণ কেন্দ্ৰ সংযোজনৰ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।
ধেমাজি জিলাত আজি তিনিটা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাৰ খচৰা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয়। জিলা আয়ুক্ত ৰাহুল সুৰেশ জাৱীৰে এখন সংবাদমেলত মুঠ ৫ লাখ ৮৩ হাজাৰ ৮৭৬ গৰাকী ভোটাৰ আছে বুলি উল্লেখ কৰে ৷
কাছাৰ জিলাতো ৭টা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাৰ খচৰা আজি আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে। জিলা দণ্ডাধীশ তথা জিলা নির্বাচনী বিষয়া মৃদুল যাদৱৰ সভাপতিত্বত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশৰ বাবে এখন বৈঠক অনুষ্ঠিত হয়।
ধুবুৰী জিলাৰ আয়ুক্ত দিবাকৰ নাথে ২০২৬ বৰ্ষৰ ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰে। আয়ুক্তগৰাকীয়ে কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত সংবাদমেলত কয়, যে যোৱা ২২ নৱেম্বৰৰ পৰা বুথ পৰ্যায়ৰ বিষয়াসকলে ঘৰে ঘৰে গৈ জৰীপ কৰাৰ পাছত আজিৰ এই খচৰা প্ৰকাশ কৰা হৈছে।
চিৰাঙৰ নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত যতীন বৰাই আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত জিলাখনৰ ১৯ নম্বৰ জনজাতি সংৰক্ষিত ছিডলী-চিৰাং আৰু ২০ নম্বৰ বিজনী বিধানসভা সমষ্টিৰ ভোটাৰ তালিকা প্ৰকাশ কৰে। আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে যে অহা ২২ জানুৱাৰীলৈকে বিভিন্ন সজাগতাৰ জৰিয়তে ভোটাৰসকলৰ নাম শুধৰণিকে ধৰি আন আন ওজৰ-আপত্তি গ্রহণ আদি সেৱা উপলভ্য হ’ব।
তামুলপুৰ জিলাৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত অনুষ্ঠিত এখন সভাত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰা হয়। আয়ুক্তগৰাকীয়ে বিশুদ্ধ ভোটাৰ তালিকাৰ পোষকতা কৰি তৃণমূল পৰ্যায়ত কর্মীসকলে সামঞ্জস্য ৰাখি কাম কৰিবলৈ আহ্বান জনায়।
দৰং জিলাতো আজি আনুষ্ঠানিকভাৱে ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰা হয়। বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত জিলাৰ আয়ুক্ত পৰাগ কুমাৰ কাকতি, অতিৰিক্ত জিলা আয়ুক্ত আৰু নিৰ্বাচনী বিষয়াই এই তালিকা প্ৰকাশ কৰে।