ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ কাম আৰম্ভ

ৰাজ্যত কালি ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ কাম আৰম্ভ হৈছে। এই প্ৰক্ৰিয়াৰ অংশ হিচাপে বুথ পৰ্যায়ৰ বিষয়াসকলে ২০ ডিচেম্বৰলৈকে ঘৰে ঘৰে গৈ প্ৰতিগৰাকী ভোটাৰৰ তথ্য সংগ্ৰহ কৰিব। ২০২৬ চনৰ ১ জানুৱাৰীত ১৮ বছৰ সম্পূৰ্ণ হোৱা তথা যোগ্য ভোটাৰৰ নাম ভোটাৰ তালিকাত সন্নিবিষ্ট কৰা হ’ব। বুথ পৰ্যায়ৰ বিষয়াসকলে মৃত্যু হোৱা কোনো লোকৰ নাম ভোটাৰ তালিকাৰ থাকিলে কৰ্তনৰ ব্যৱস্থা কৰিব। আনহাতে অসমৰ কোনো লোকৰ নাম বহিঃৰাজ্যৰ ভোটাৰ তালিকাত থাকিলে তেনে লোকৰ নাম অসমৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ’ব। বুথ পৰ্যায়ৰ বিষয়াসকলে কোনো লোকক ঘৰত নাপালে তিনিবাৰ পৰ্যন্ত গৈ পুনৰীক্ষণ সম্পূর্ণ কৰিব লাগিব। সকলো তথ্য বিশেষ এপত সংগ্ৰহ কৰা হ’ব। ২৭ ডিচেম্বৰত খচৰা ভোটাৰ তালিকা আৰু ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্রকাশ পাব। খচৰা ভোটাৰ তালিকা প্রকাশৰ ১৫ দিনৰ ভিতৰত কোনো লোকৰ কিবা অভিযোগ থাকিব সেই অভিযোগ জিলা আয়ুক্তক দিব পাৰিব। জিলা আয়ুক্তৰ কাৰ্যালয়ত অভিযোগ নিষ্পত্তি নহ’লে সেই অভিযোগ মুখ্য নির্বাচনী বিষয়াৰ ওচৰত দাখিল কৰিব পাৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।