ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যত ভোগালী বিহুৰ প্রস্তুতি আৰম্ভ

ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষ প্রস্তুতি আৰম্ভ হৈছে। সৰুপথাৰ সমজিলাত অসম ৰাজ্যিক জীৱিকা অভিযানৰ উদ্যোগত চেৱাগুৰি সাধনী উদ্যানত আজিৰেপৰা তিনিদিনীয়া কাৰ্যসূচীৰে অসমী ভোগালী মেলাৰ আয়োজন কৰা হৈছে। গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী ৰূপেশ গোৱালাই উদ্বোধন কৰা এই ভোগালী মেলাত সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন উপস্থিত থাকে। এই মেলাত সমষ্টিটোৰ অন্তর্গত ২০ টাতকৈও অধিক আত্মসহায়ক গোটে অংশগ্ৰহণ কৰিছে। প্ৰতিবছৰে আত্মসহায়ক গোটৰ মহিলাসকলক স্বাৱলম্বী কৰাৰ লক্ষ্যৰে অসম মহিলা গ্রামীণ জীৱিকা অভিযানে ৰাজ্যৰ বিভিন্ন স্থানত ভোগালী মেলাৰ আয়োজন কৰি আহিছে। গুৱাহাটী মহানগৰীতো ভোগালী বিহুক আদৰাৰ বাবে প্ৰস্তুতি তুংগত উঠিছে। পাথৰকোৱাৰী ভোগালী বিহু উদযাপন সমিতিয়ে আজিৰেপৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে নাৰেংগী ক্রীড়া খেলপথাৰত বিশেষ আয়োজন কৰিছে। সেই অনুসৰি মেজি, আকর্ষণীয় ভেলাঘৰ, ঢেকীশাল, গোহালিঘৰ, ভঁৰালঘৰ, নামঘৰ আদি নিৰ্মাণ কৰিছে।