January 14, 2026 9:28 PM | Bhogali Bihu

printer

ৰাজ্যত ব্যাপক উছাহ-উদ্দীপনাৰে অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু পালন

অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু উপলক্ষে সমগ্ৰ ৰাজ্যতে ব্যাপক উছাহ-উদ্দীপনাৰ পৰিৱেশ বিৰাজ কৰিছে। আজি পুৱাই ৰাইজে মেজি জ্বলাই অগ্নিক সেৱা কৰি নেদেখাজনৰ আশিস লয়। ইয়াৰ পাছতে কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনাই আশীৰ্বাদ লয়। সম্প্ৰীতি আৰু সমন্বয়ৰ প্ৰতীক ভোগালী বিহুৰ মেজিৰ জুয়ে সমাজৰ পৰা অসূয়া-অপ্ৰীতি দূৰ কৰি শান্তি আৰু সম্প্ৰীতি কঢ়িয়াই অনাৰ বাবে ৰাইজে কামনা কৰে।

ভোগালী বিহু উপলক্ষে ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্য্য, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাজ্যপালগৰাকীয়ে এটা বাৰ্তাত ভোগালী বিহুক অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ অমূল্য সম্পদ বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ বাৰ্তাত কয় যে অসমীয়া সংস্কৃতিৰ শ্ৰেষ্ঠত্বক প্ৰতিফলিত কৰা এই উৎসৱ আনন্দ আৰু ভাতৃত্ববোধৰ উপলক্ষ। এই উৎসৱে কঠোৰ পৰিশ্ৰমী কৃষকসকলৰ প্ৰচেষ্টাৰ শলাগ লোৱাৰ সুযোগ দিয়ে বুলিও তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰী ড° শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ভোগালী বিহুক কৃষিজীৱী চহা সমাজৰ প্ৰাপ্তিৰ আনন্দৰে সমৃদ্ধ তথা অসমীয়াৰ স্পন্দন বুলি অভিহিত কৰে। তেওঁ লগতে সকলোৰে জীৱন সুখ-শান্তি আৰু প্ৰাচুৰ্যৰে ভৰি পৰাৰো কামনা কৰে ৷ মকৰ সংক্ৰান্তি আৰু ভোগালী বিহু উপলক্ষে ৰাজ্যৰ মঠ-মন্দিৰসমূহত ভক্তৰ ভিৰ পৰিলক্ষিত হয়। উত্তৰ গুৱাহাটীৰ ঐতিহাসিক দৌলগোবিন্দ মন্দিৰত পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ ভক্তই ভিৰ কৰে। মন্দিৰ প্ৰাংগণত পৰম্পৰাগতভাৱে মেজি জ্বলাই মকৰ সংক্ৰান্তি আৰু ভোগালী বিহু উদযাপন কৰা হয়। 

গোৱালপাৰাৰ ৰাভা অধ্যুষিত অঞ্চলসমূহকে ধৰি দুধনৈ, কৃষ্ণাই, ধূপধৰা আদি সকলোতে ভোগৰ উৎসৱ উপলক্ষে আনন্দ মুখৰ পৰিৱেশে বিৰাজ কৰিছে। গোৱালপাৰা চহৰৰ শাস্ত্ৰী নগৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ভোগালী বিহু উদযাপন কৰা হৈছে। বিহু ফিল্ডত পৰম্পৰাগতভাৱে মেজি জ্বলাই ৰাইজে অগ্নি সেৱা কৰি সমাজৰ অপায়-অমংগল দূৰ হোৱাৰ কামনা কৰে। শিলডাঙা ইলোৱাপাৰাত আজি পুৱা মেজি জ্বলোৱাৰ পাছত দিনৰ ভাগলৈ বিভিন্ন পৰম্পৰাগত খেল-ধেমালি প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। একেদৰে জিলাখনৰ লক্ষীপুৰ, শিমলিতোলা, ধূপধৰা আদি অঞ্চলতো ভোগালী বিহু উপলক্ষে বিভিন্ন কার্যসূচী অনুষ্ঠিত হয়।

ধুবুৰী জিলাতো ভোগালী বিহুক লৈ আনন্দ মুখৰ পৰিৱেশে বিৰাজ কৰিছে। ঠায়ে ঠায়ে মেজি জ্বলোৱাৰ লগতে শ্ৰীশ্ৰীধাম ৰাইৰায়কুটি সত্র, জিনকাটা সত্র আদি সত্ৰ-নামঘৰসমূহত নাম-কীৰ্তন অনুষ্ঠিত কৰা হয়। গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰ সত্ৰশালত সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ভোগালী বিহু উদযাপন কৰা হয়। প্রাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰে মেজি জ্বলাই ৰাইজক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে ।

নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত পুৱা মেজি জ্বলোৱাৰ পাছত বৰ্ণাঢ্য কাৰ্যসূচীৰে ভোগালী বিহু উদযাপন কৰা হয়। উলাবৰি প্ৰগতি শিল্পী সংঘৰ উদ্যোগত বিভিন্ন পৰম্পৰাগত খেল-ধেমালি অনুষ্ঠিত কৰা হয়। ভোগালী বিহু আৰু মাঘৰ সংক্ৰান্তি উপলক্ষে জিলাখনৰ বাৰঘৰীয়া বাৰগোপাল মন্দিৰ, থেঠাগোহাঁইৰ থানত ভক্তৰ ভিৰ পৰিলক্ষিত হয়।

চিৰাং জিলাতো ভোগালী বিহু উপলক্ষে ব্যাপক উছাহ পৰিলক্ষিত হৈছে। বিজনী ছোৱালী হাইস্কুল খেলপথাৰত ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত মেজি জ্বলোৱা হয়।

নগাঁও জিলাৰ নেহৰুবালিত আজিৰে পৰা ছদিনীয়া কাৰ্যসূচীৰে ১১৩ সংখ্যক ভোগালী বিহু উৎসৱৰ আয়োজন কৰা হৈছে। মেজি জ্বলোৱাৰ পাছত বিহুৰ সৈতে সংগতি ৰাখি গ্ৰন্থ উন্মোচন কৰা হয়। ইয়াৰ লগতে জ্যেষ্ঠ নাগৰিকসকলক উদযাপন সমিতিয়ে সম্বর্ধনা জ্ঞাপন কৰে। এই ভোগালী বিহু উৎসৱত শিশুসকলৰ মাজত চিত্রাংকন প্রতিযোগিতাৰ লগতে বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে।

হোজাই জিলাৰ বিভিন্ন স্থানত পৰম্পৰাগত ৰীতি-নীতিৰে ৰাইজে মেজি জ্বলাই নাম-প্ৰসংগৰ জৰিয়তে ভগৱানৰ আশিস লয়। গোসাঁইগাঁৱৰ ৰাইজে নাম-কীৰ্তনৰ অন্তত মেজি জ্বলাই অগ্নি সেৱা কৰে।

কাৰ্বি আংলং জিলাত ব্যাপক উছাহ-উদ্দীপনাৰে ভোগালী বিহু পালন কৰা হৈছে। জিলাখনৰ ডিফু ক্লাবত পুৱা মেজি জ্বলাই ৰাইজে সমূহীয়াভাৱে অগ্নি সেৱা কৰাৰ লগতে সমাজৰ পৰা অপায়-অমংগল দূৰ কৰি ভাতৃত্ববোধৰ এনাজৰী দৃঢ় কৰাৰ কামনা কৰে। ডিফু ক্লাবৰ উদ্যোগত প্ৰীতি চাহ মেলৰ আয়োজন কৰাৰ লগতে কণ কণ শিশুসকলৰ মাজত বিভিন্ন খেল-ধেমালি অনুষ্ঠিত হয়।

ডিব্ৰুগড় জিলাতো মাঘৰ সংক্ৰান্তি আৰু ভোগালী বিহু উপলক্ষে অগ্নি দেৱতাৰ পূজা অৰ্চনা কৰা হয়। গাঁৱৰ ৰাইজে মেজিত জুই পুৱাই মাহ-প্ৰসাদ খোৱাৰ লগতে ৰাজহুৱা সেৱা গ্ৰহণ কৰে। মন্ত্ৰী প্ৰশান্ত ফুকনে মানকাটা টেপৰ গাঁৱত ৰাইজৰ সৈতে মেজি জ্বলাই ৰাজ্যবাসীৰ কুশল কামনা কৰে। মন্ত্ৰী যোগেন মহনে মৰাণত আয়োজিত ভোগালী বিহু কাৰ্যসূচীত অংশ লৈ ৰাইজক বিহুৰ শুভেচ্ছা জনায়। জিলাখনৰ বিভিন্ন অঞ্চল নিশাতে ভোজভাত খোৱা হ’ল যদিও আজিও মটক জনগোষ্ঠীৰ প্ৰধান অঞ্চলসমূহত জনগোষ্ঠীটোৰ পৰম্পৰা অনুযায়ী ৰাজহুৱা ভোজৰ আয়োজন কৰা হৈছে।

ৰাজ্যৰ অন্য জিলাসমূহৰ দৰে শিৱসাগৰতো পৰম্পৰাগতভাৱে মেজি জ্বলোৱা হয়। শিৱসাগৰৰ আৰক্ষী ছাউনীত কৰ্তব্যৰত আৰক্ষীসকলে মেজি জুলাই অগ্নি দেৱতাৰ আশিস লয়। লালিমগাৱত বিধায়ক অখিল গগৈয়ে ৰাইজৰ সৈতে ভোগালী বিহুৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

সত্ৰ পীঠ মাজুলীত আজি পুৱতি নিশা ৰাইজে মেজি জ্বলাই অগ্নি দেৱতাৰ সেৱা লয়। উজনি মাজুলীৰ চিৰাম দেৱোত্তৰ গাঁৱৰ মিছিং ৰাইজে চিৰাম দেৱোত্তৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত সমজুৱাকৈ আয়োজন কৰা ভোগালী বিহুস্থলীত উৰুকাৰ নিশা ভোজ ভাত খাই আজি পুৱাতে পৰম্পৰা ৰক্ষা কৰি নীতি-নিয়মৰ মাজেৰে মেজিত অগ্নি সংযোগ কৰে। দুটাকৈ মেজি সাজি পুৰুষ মেজিৰ ৰূপে প্ৰথমটো মেজি জ্বলাই অগ্নি দেৱতাৰ শলাগ লোৱা হয়। ইয়াৰ কিছু পাছতেই মহিলা মেজিটো জ্বলাই বছৰটোত একো অপায় অমংগল নহ’বলৈ পুনৰবাৰ অগ্নি দেৱতাৰ আশীৰ্বাদ লোৱা হয়। মাজুলীৰ ঐতিহাসিক শ্রীশ্রীদক্ষিণপাট সত্ৰৰ উদাসীন ভকত বৈষ্ণৱসকলেও পৰম্পৰা ৰক্ষা কৰি মেজি জ্বলাই ভোগালী বিহু উদযাপন কৰিছে।

বৰাক উপত্যকাৰ তিনিওখন জিলাত আজি মকৰ সংক্ৰান্তি আৰু ভোগালী বিহু উপলক্ষে ব্যাপক উৎসাহ উদ্দীপনাই বিৰাজ কৰিছে। কাছাৰ জিলাত উৎসৱ মুখৰ পৰিৱেশৰ মাজত আজি পুৱা মেজি জ্বলাই অগ্নি দেৱতাৰ সেৱা লয়। জিলাবাসীয়ে ঘৰে ঘৰে প্ৰস্তুত কৰা পিঠা পনাৰে আজি মকৰ সংক্ৰান্তি আৰু ভোগালী বিহু উদযাপন কৰিছে। শ্রীভূমি জিলাৰ বৰগোল আৰু ঘিলাইজানসহ অসমীয়া অধ্যুষিত অঞ্চলসমূহত মেজি জ্বলাই মংগল কামনা কৰে ৷

বৰপেটা জিলাত আজিৰে পৰা সত্ৰকেন্দ্ৰিক পৰম্পৰাৰে বিহু পালন কৰা হৈছে। বৰপেটা আৰু ইয়াৰ সমীপৱৰ্তী স্থানসমূহত আজি উৰুকা তথা স্থানীয় ভাষাত গাতা ৰখা উদযাপন কৰা হৈছে। 

জিলাখনত কাইলৈ অৰ্থাৎ পহিলা মাঘত মেজি জ্বলোৱা হ’ব। নিয়ম অনুসৰি কাইলৈ বৰপেটা সত্ৰৰ টুপৰ চোতালত ভকতসকলে সজা মেজিত অগ্নিসংযোগ কৰাৰ পাছতহে সত্ৰৰ বাহিৰৰ স্থানসমূহত সজা মেজি জ্বলোৱা হ’ব। বৰপেটা সত্ৰৰ উপৰি জিলাখনৰ আন আন সত্ৰ আৰু থানসমূহত কেইবাদিনীয়া কাৰ্যসূচীৰে মাঘ বিহু উদযাপন কৰা হৈছে। সৰভোগৰ শ্ৰীশ্ৰীগৰখীয়া গোসাঁইথানত মাঘ বিহুৰ সৈতে সংগতি ৰাখি নাম প্ৰসংগ, ভাগৱত পাঠ, ধর্মালোচনা সভা আদি কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।