সমগ্ৰ ৰাজ্যতে আজি ব্যাপক উছাহ-উদ্দীপনাৰে ভোগৰ উৎসৱ ভোগালী বিহু পালন কৰা হৈছে। উৰুকাৰ নিশা প্রীতি ভোজ-ভাতৰ পাছত আজি পুৱাই ৰাইজে মেজি জ্বলাই অগ্নিক সেৱা কৰি আশিস লৈছে। ইয়াৰ পাছত অসমীয়া সমাজৰ পৰম্পৰা অনুসৰি জ্যেষ্ঠজনক সেৱা কৰাৰ লগতে কণিষ্ঠজনে আশীর্বাদ লৈছে। ভোগালী বিহু উদযাপনৰ লগত সংগতি ৰাখি নামঘৰ আৰু সত্ৰসমূহতো নাম প্ৰসংগৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্রান্তত ভোগালী বিহু উপলক্ষে কণীযুঁজৰ লগতে কণ-কণ ল’ৰা-ছোৱালী, মহিলা আৰু বয়োজ্যেষ্ঠ সকলৰ মাজত বিভিন্ন পৰম্পৰাগত খেল-ধেমালিৰ আয়োজন কৰা হৈছে। সম্প্রীতি আৰু সমন্বয়ৰ প্ৰতীক ভোগালী বিহুৰ মেজিৰ জুয়ে সমাজৰ পৰা অসূয়া অপ্ৰীতি দূৰ কৰি শান্তি আৰু সম্প্রীতি কঢ়িয়াই অনাৰ বাবে ৰাইজে কামনা কৰে।
ইপিনে, ভোগালী বিহু উপলক্ষে ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচার্য্য আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাজ্যপালগৰাকীয়ে এটা বার্তাত ভোগালী বিহুক অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ অমূল্য সম্পদ বুলি উল্লেখ কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত ভোগালী বিহুক কৃষিজীবী চহা সমাজৰ প্ৰাপ্তিৰ আনন্দৰে সমৃদ্ধ তথা অসমীয়াৰ স্পন্দন বুলি অভিহিত কৰে। তেওঁ লগতে সকলোৰে জীৱন সুখ-শান্তি আৰু প্ৰাচুৰ্যৰে ভৰি পৰাৰো কামনা কৰে।
ৰাজ্যৰ অন্য স্থানৰ লগতে সত্র পীঠ মাজুলীতো আজি পুৱতি নিশা ৰাইজে মেজি জ্বলাই অগ্নি দেবতাৰ সেৱা লয়। উজনি মাজুলীৰ চিৰাম দেবোত্তৰ গাঁৱৰ মিছিং ৰাইজে চিৰাম দেবোত্তৰ প্ৰাথমিক বিদ্যালয় প্রাংগণত সমজুৱাকৈ আয়োজন কৰা ভোগালী বিহুস্থলীত উৰুকাৰ নিশা ভোজ ভাত খাই আজি পুৱাতে পৰম্পৰা ৰক্ষা কৰি নীতি নিয়মৰ মাজেৰে মেজিত অগ্নি সংযোগ কৰে। দুটাকৈ মেজি সাজি পুৰুষ মেজিৰ ৰূপে প্ৰথমটো মেজি জ্বলাই অগ্নি দেৱতাৰ শলাগ লোৱা হয়। ইয়াৰ কিছু পাছতেই মহিলা মেজিটো জ্বলাই বছৰটোত একো অপায় অমংগল নহ’বলৈ পুনৰবাৰ অগ্নি দেৱতাৰ আশীৰ্বাদ লোৱা হয়। মাজুলীৰ ঐতিহাসিক শ্রীশ্রীদক্ষিণপাট সত্ৰৰ উদাসীন ভকত বৈষ্ণৱসকলেও পৰম্পৰা ৰক্ষা কৰি মেজি জ্বলাই ভোগালী বিহু উদযাপন কৰিছে।
ডিব্ৰুগড় জিলাতো মাঘৰ সংক্ৰান্তি আৰু ভোগালী বিহু উপলক্ষে অগ্নি দেৱতাৰ পূজা অর্চনা কৰা হয়। গাঁৱৰ ৰাইজে মেজিত জুই পুৱাই মাহ-প্রসাদ খোৱাৰ লগতে ৰাজহুৱা সেবা গ্রহণ কৰে। জিলাখনৰ বিভিন্ন অঞ্চল নিশাতে ভোজভাত খোৱা হ’ল যদিও আজিও মটক জনগোষ্ঠী প্রধান অঞ্চলসমূহত জনগোষ্ঠীটোৰ পৰম্পৰা অনুযায়ী ৰাজহুৱা ভোজৰ আয়োজন কৰা হৈছে। কালি উৰুকাৰ নিশা ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক তথা মন্ত্রী প্রশান্ত ফুকনে মোহনবাৰীৰ মিৰিপথাৰ গাঁৱত উপস্থিত হৈ ৰাইজৰ সৈতে উৰুকাৰ ভোজত অংশগ্ৰহণ কৰে।
গোৱালপাৰাতো ৰাভা অধ্যুষিত অঞ্চলসমূহকে ধৰি দুখনৈ, কৃষ্ণাই, ধূপধৰা আদি সকলোতে ভোগৰ উৎসৱ উপলক্ষে আনন্দ মুখৰ পৰিৱেশে বিৰাজ কৰিছে। শিলডাঙা ইলোৱাপাৰাত আজি পুৱা মেজি জ্বলোৱাৰ পাছত দিনৰ ভাগলৈ বিভিন্ন পৰম্পৰাগত খেল-ধেমালি প্রতিযোগিতাৰ আয়োজন কৰা হৈছে।
বৰাক উপত্যকাৰ তিনিওখন জিলাত আজি মকৰ সংক্ৰান্তি আৰু ভোগালী বিহু উপলক্ষে ব্যাপক উৎসাহ উদ্দীপনাই বিৰাজ কৰিছে। কাছাৰ জিলাত উৎসৱ মুখৰ পৰিবেশৰ মাজত আজি পুৱা মেজি জ্বলাই অগ্নি দেবতাৰ সেবা লয়। জিলাবাসীয়ে ঘৰে ঘৰে প্ৰস্তুত কৰা পিঠা পনাৰে আজি মকৰ সংক্ৰান্তি আৰু ভোগালী বিহু উদযাপন কৰিছে। বৰাকৰ উৎসৱ মুখৰ পৰিৱেশটিৰ সবিশেষ বর্ণনাৰে এয়া আমাৰ শিলচৰৰ সংবাদদাতা আঁখী দাস।
ধুবুৰীতো ভোগালী বিহুক লৈ আনন্দ মুখৰ পৰিৱেশে বিৰাজ কৰিছে। ঠায়ে ঠায়ে মেজি জ্বলোৱাৰ লগতে শ্রীশ্রীধাম ৰাইৰায়কুটি সত্ৰ, জিনকাটা সত্র আদি সত্র- নামঘৰসমূহত নাম-কীৰ্তনৰ আয়োজন কৰা হৈছে।