ৰাজ্যত বিমান সংযোগ সম্প্ৰসাৰণ সন্দৰ্ভত আলোচনা

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ইণ্ডিগো বিমান সেৱা কৰ্তৃপক্ষৰ সৈতে ৰাজ্যত বিমান সংযোগ সম্প্ৰসাৰণ সন্দৰ্ভত আলোচনাত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে এই আলোচনাকালত বিমান সেৱা প্ৰদানকাৰী প্রতিষ্ঠানটোক শিলচৰ, ডিব্ৰুগড় আৰু উত্তৰ লখিমপুৰলৈ বিমান সংযোগ বৃদ্ধি কৰাৰ বাবে আহ্বান জনায়। এই বৈঠকৰ পাছত ইণ্ডিগোৱে ইতিবাচক সঁহাৰি দিয়া বুলি মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে। তেওঁ কয়, যে এতিয়াৰে পৰা ডিব্ৰুগড়ৰ পৰা দিল্লী অভিমুখী ইণ্ডিগো বিমানখন গুৱাহাটী বিমান বন্দৰলৈ অৱতৰণ কৰিব। ইয়াৰ দ্বাৰা পুৱাৰ ভাগতে ৰাজ্যৰ ৰাজধানীৰ সৈতে দেশৰ ৰাজধানীক সংযোগ স্থাপনৰ ব্যৱস্থা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। গুৱাহাটী শিলচৰ বিমানৰ সূচীৰো সাল সলনি কৰি পুৱাৰ ভাগত বিমান সেৱা উপলব্ধ কৰোৱা হ’ব বুলি তেওঁ উল্লেখ কৰে। একেদৰে ২০২৫-২৬ বৰ্ষৰ শীতকালত গুৱাহাটীৰ পৰা নবী মুম্বাইলৈকে বিমান সেৱাৰ ব্যৱস্থা কৰা হ’ব বুলি আলোচনাত হোৱা সিদ্ধান্তৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে সদৰি কৰে। উত্তৰ লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰৰ পৰা চলাচল হ’বলগীয়া বিমানৰ সময়সূচী শীঘ্ৰে মুকলি কৰা হ’ব বুলিও ড° শৰ্মাই উল্লেখ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।