ৰাজ্যত বিভিন্ন কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৬ সংখ্যক তিৰোভাৱ তিথি পালন

অসমৰ সত্ৰ আৰু নামঘৰসমূহত আজি পুৱাৰে পৰা নাম-প্ৰসংগকে ধৰি ভিন ভিন কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৬ সংখ্যক তিৰোভাৱ তিথি পালন কৰা হৈছে। এই উপলক্ষে সত্ৰনগৰী বৰপেটাত পুৱাৰে পৰা কীর্তন মহোৎসৱ অনুষ্ঠিত হৈছে। পুৱা গীত আৰু ভটিমাৰ অন্তত সত্ৰৰ মুখ্য পাঠকৰ নেতৃত্বত নৃত্য-প্ৰসঙ্গ অনুষ্ঠিত হোৱাৰ পাছতে ভাগৱত পাঠ, ঘোষা কীৰ্তন আৰু ব্যাহ কীর্তন সম্পন্ন হয়। বিয়লি বৃন্দাবন হাটীৰ ভকতসকলে কীৰ্তন মহোৎসৱ উপলক্ষে কৰভাৰ প্ৰদান কৰিছে। এই কৰভাৰত ভকতসকলে হাটীৰ প্ৰথা অনুসৰি চাউল, কাচকল, কোঁমোৰা, মিঠাতেল, পাণ-তামোল আদি প্ৰদান কৰে। আনহাতে, বটদ্ৰৱা থানত শংকৰদেৱৰ তিৰোভাৱ তিথি উৎসৱটি ‘গুৰু কীৰ্তন’ হিচাপে পালন কৰা হয়। বটদ্ৰৱা থানৰ পৰম্পৰা অনুসৰি শ শ বছৰ ধৰি গুৰু কীৰ্তন উৎসৱ দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়। ধৰ্মীয় পৰম্পৰাৰে কালি আৰম্ভ হোৱা গুৰু কীৰ্তনত আজি দ্বিতীয় দিনা মঞ্জিৰা নাম, আইসকলৰ নাম, খোল-তাল প্রসংগ আদি বিভিন্ন কার্যসূচী অনুষ্ঠিত হয়। ইফালে, পুৱাৰেপৰা ঊষা কীর্তনেৰে বটদ্ৰৱাৰ চৌপাশ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে। ইফালে, কোচবিহাৰৰ মধুপুৰ সত্ৰতো আজি দিনজোৰা কাৰ্যসূচীৰ গুৰুজনাৰ তিৰোভাৱ তিথি পালন কৰা হৈছে। একেদৰে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো দিনজোৰা কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উদযাপন কৰা হৈছে। এই উপলক্ষে পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱসকলে শৰাই নৈবদ্য লৈ গুৰুজনাৰ ওচৰত সেৱা আগবঢ়ায়। সত্ৰপীঠ মাজুলীতো গুৰুজনাৰ তিৰোভাৱ তিথি উলহ-মালহেৰে পালন কৰা হৈছে। ঐতিহ্যমণ্ডিত নদীদ্বীপটোৰ সত্ৰ আৰু নামঘৰসমূহ পুৱাৰে পৰাই নাম-প্ৰসংগৰে মুখৰ হৈ পৰিছে। মাজুলীৰ ৩৫খন সত্ৰ আৰু তিনি শতাধিক নামঘৰ গুৰুজনাৰ তিথি উপলক্ষে হৰিনাম, কীৰ্তনৰ ধ্বনিৰে মুখৰ হৈ পৰিছে ।