ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যত বিগত দুমাহত বৰষুণৰ পৰিমাণ প্রায় ৪৪ শতাংশ হ্ৰাস

ৰাজ্যত বিগত দুমাহত বৰষুণৰ পৰিমাণ প্রায় ৪৪ শতাংশ হ্ৰাস পাইছে। গুৱাহাটীৰ বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি জুন-জুলাইত সাধাৰণতে ৭৮৮. ৮ মিলিমিটাৰ বৰষুণ হয় যদিও এইবেলি ৪৪৪.১ মিলিমিটাৰহে বৰষুণ হৈছে। সেই অনুসৰি এই সময়ছোৱাত বৰষুণৰ পৰিমাণ ৪৪ শতাংশ হ্ৰাস পাইছে। বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে এই সময়ছোৱাত দক্ষিণ শালমাৰাত ৰাজ্যৰ ভিতৰত বৰষুণৰ পৰিমাণ সৰ্বাধিক হ্ৰাস পাইছে। জিলাখনত পহিলা জুনৰ পৰা ২৫ জুলাইলৈ বৰষুণৰ পৰিমাণ প্রায় ৮৪ শতাংশ কম হৈছে। একেদৰে দৰঙত বৰষুণৰ পৰিমাণ স্বাভাৱিতকৈ ৭৯, বৰপেটাত ৭৩, বজালীত ৭২, ধুবুৰী আৰু নলবাৰীত ৬৫, ধেমাজিত ৬৪, কামৰূপ আৰু কামৰূপ মহানগৰত ৫৮ শতাংশ হ্রাস পাইছে। জলবায়ুৰ অভাৱনীয় পৰিৱৰ্তনৰ ফলত অকল অসমেই নহয় বৰং সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। এইবাৰ মেঘালয়ত বৰষুণৰ পৰিমাণ ৫৮ শতাংশ হ্রাস পাইছে। একেদৰে অৰুণাচল প্ৰদেশত বৰষুণ স্বাভাৱিতকৈ ৪৯ শতাংশ কম হৈছে।
ৰাজ্য চৰকাৰে বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ লগতে তাপমাত্রা বৃদ্ধি পোৱাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ জোৰামৰাৰ বাবে ১৮টা বিভাগক সুকীয়া সুকীয়াকৈ প্ৰতিবেদন প্রস্তুত কৰিবলৈ নিৰ্দেশ দিছে। এই অনুসৰি শক্তি বিভাগ, শিক্ষা বিভাগ, মহিলা আৰু শিশু উন্নয়ন, অসম জলবায়ু পৰিৱৰ্তন-ব্যৱস্থাপনা সমিতি, পৰিবহণ, শ্রম, স্বাস্থ্য, কৃষি আৰু পৰিয়াল কল্যাণকে ধৰি ১৮টা বিভাগক ৰাজ্যৰ গ্ৰীষ্ম প্ৰৱাহ আৰু গৰমৰ প্রভাৱ প্রতিহত কৰাৰ ক্ষেত্ৰত কিধৰণৰ পদক্ষেপ ল’ব পাৰি এই বিষয়ে পৰিকল্পনা প্রস্তুত কৰিবলৈ কোৱা হৈছে। বিভাগসমূহে অহা ২৮ জুলাইৰ ভিতৰত নিৰ্দিষ্ট পৰিকল্পনা দাখিল কৰিব লাগিব। এই পৰিকল্পনাৰ ওপৰত ভিত্তি কৰি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে চলিত মাহতে হিট এক্সন প্লেন অর্থাৎ গৰম প্ৰতিহতকৰণ পৰিকল্পনা গ্রহণ কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।