March 14, 2025 8:05 PM | Doul Utsav

printer

ৰাজ্যত পৰম্পৰাগত ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে ফাকুৱা আৰু দৌল উৎসৱ উদযাপন

ৰাজ্যৰ বিভিন্ন স্থানত পৰম্পৰাগত ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে ফাকুৱা আৰু দৌল উৎসৱ উদযাপন কৰা হৈছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত কালি সন্ধিয়া গন্ধযাত্ৰাৰে দৌল মহোৎসৱৰ শুভাৰম্ভ কৰা হয়। বৰপেটাৰ পাটবাউসী, গনককুছি, সুন্দৰীদিয়া আৰু বাৰাদি সত্ৰতো দৌল মহোৎসৱ উপলক্ষে উখল- মাখল পৰিৱেশৰ সৃষ্টি হৈছে। কৃষ্ণ বন্দনা আৰু হোলী গীতেৰে বৰপেটাৰ আকাশ-বতাহ মুখৰ হৈ উঠিছে। ওড়িশাৰ পৰা হোলী গীতৰ দল, মণিপুৰী সাংস্কৃতিক দল, আদিবাসী সাংস্কৃতিক দলৰ লগতে বিভিন্ন স্থানীয় শিল্পীৰ গীত পৰিৱেশেনেৰে সত্ৰ নগৰীখন প্ৰাণ চঞ্চল হৈ উঠিছে।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত গুৰুজনাই প্ৰায় ৫০০ বছৰ পূৰ্বে আৰম্ভ কৰা পৰম্পৰাৰ সৈতে সংগতি ৰাখি বটদ্ৰৱা সত্ৰত কালিৰেপৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হৈছে।
দৌল যাত্ৰা উৎসৱৰ সৈতে সংগতি ৰাখি আজিৰ পৰা আকাশীগংগাৰ তীৰৰ আই খেসুঁতি প্ৰেক্ষাগৃহত সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে।
যোৰহাট জিলাৰ ৰংদ্বৈত তিনি দিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী গোবিন্দৰ দৌল যাত্ৰা উদযাপন কৰা হৈছে। সেই অনুসৰি ৰংদৈ বামুনগাঁৱৰ ভাগত মন্দিৰত আয়োজন কৰা কাৰ্যসূচীত গোবিন্দৰ অধিবাস পূজা, নাম- কীৰ্তন আৰু দক্ষ-যজ্ঞ, ভাওনা অনুষ্ঠিত হ’ব।
মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ, বেঙেনাআটী সত্ৰ, চামগুৰি সত্ৰকে ধৰি কেইবাখনো সত্ৰত কালিৰে পৰা ফল্গুৎসৱৰ আয়োজন কৰা হৈছে। মুখাশিল্পৰ বাবে বিশ্বখ্যাত চামগুৰি সত্ৰত চাৰিদিনীয়াকৈ দৌল উৎসৱৰ আয়োজন কৰা হৈছে।
গোৱালপাৰা জিলাতো দৌল উৎসৱ উপলক্ষে জনসাধাৰণৰ মাজত আনন্দ মুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। ৰংজুলিৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীৰামচন্দ্ৰ বিগ্ৰহ দেৱালয়ত কালিৰে পৰা ৫ দিনীয়া কাৰ্যসূচীৰে এই উৎসৱ অনুষ্ঠিত হৈছে। গোৱালপাৰাৰ শ্ৰীশ্ৰী শ্যামৰায় সত্ৰ আৰু পশ্চিম গোৱালপাৰাৰ কেৱলীয়া হাটী সত্ৰত কালি অধিবাস আৰু সান্ধ্য কীৰ্তনেৰে ৫ দিনীয়া দৌল মহোৎসৱৰ শুভাৰম্ভ কৰা হয় ৷ উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীদৌল গোবিন্দ মন্দিৰত আধ্যাত্মিক পৰম্পৰা আৰু ৰীতি-নীতিৰে দৌল উৎসৱ উদযাপন কৰা হৈছে।
গুৱাহাটী মহানগৰীতো দৌল উৎসৱ আৰু ফাকুৱা উপলক্ষে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। ফাকুৱা উপলক্ষে কামৰূপ মহানগৰ জিলাকে ধৰি প্ৰায়বোৰ জিলাতে কাইলৈ স্থানীয় বন্ধ ঘোষণা কৰিছে।
বাক্সা জিলাৰ শ্ৰীশ্ৰী নৰসিংহ কীৰ্তন ঘৰত ৭ দিনীয়া কাৰ্যসূচীৰে আয়োজিত দৌল উৎসৱত আজি নৰসিংহ নামৰ এখন স্মৰণিকা উন্মোচন কৰা হয়। দৌল উৎসৱৰ লগত সংগতি ৰাখি ১৮ মাৰ্চত সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে৷ জিলাখনৰ চমুৱাৰ শ্ৰীকৃষ্ণ দৌল মন্দিৰ প্ৰাংগণত ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত দৌল মহোৎসৱত আজি হোম-যজ্ঞ, ঘোষাপাঠ কৰাৰ উপৰি নিশাৰ ভাগত আউসীৰ জোনাক শীৰ্ষক এখনি নাটক মঞ্চস্থ কৰা হ’ব ।
ফাকুৱা উপলক্ষে শিলচৰতো আজি আৰ্য সংস্কৃতি বোধনি সমিতিৰ উদ্যোগত কেইবাটাও সংগঠনে শিলচৰৰ নৰ্মেল স্কুল চৌহদত ফুলদৌল শীর্ষক ব্যতিক্রমী অনুষ্ঠানৰ আয়োজন কৰে। এই সমিতিখনে কেইবাবছৰ ধৰি কেৱল ফুলেৰে দৌল পূর্ণিমা পালন কৰি আহিছে।
কোচবিহাৰৰ ইতিহাস প্রসিদ্ধ মধুপুৰ সত্ৰতো কালিৰে পৰা তিনিদিনীয়াকৈ দৌল উৎসৱ পালন কৰা হৈছে। আজি গোসাঁইৰ সন্মুখত নাম প্ৰসংগ আৰু পৰহিলৈ গোসাঁইক লৈ শোভাযাত্ৰা কৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।