কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তত আজি কাৰ্বি জনগোষ্ঠীৰ লোকসকলে পৰম্পৰাগত ৰীতি-নীতিৰে ৰংকেৰ পূজা পালন কৰে। জিলাখনৰ সদৰ ডিফুৰ লগতে অন্যান্য স্থানতো এই পূজাৰ আয়োজন কৰা হয়। পূজাৰ অংশ হিচাপে পুৰোহিতসকলে ৰাইজৰ অপায়-অমঙ্গল দূৰ কৰি সমাজত শান্তি আৰু ভাতৃত্ববোধৰ মনোভাৱ গঢ়ি উঠাৰ কামনা কৰে। উল্লেখযোগ্য যে কাৰ্বি জনগোষ্ঠীৰ লোকসকলে শীতকালত এই আনন্দোৎসৱ পালন কৰি বছৰটোলৈ শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰাৰ লগতে সকলো বিপদ-বিঘিনি দূৰ কৰিবলৈ দেৱ-দেৱীক প্ৰাৰ্থনা জনায়। এই উৎসৱক ৰংকে কাচিম বা দেহাল পূজা হিচাপেও জনা যায়।
Site Admin | January 5, 2025 7:25 PM | Karbi Festival Rangker
ৰাজ্যত পৰম্পৰাগত ৰীতি-নীতিৰে কাৰ্বি জনগোষ্ঠীৰ ৰংকেৰ পূজা পালন