ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যত প্ৰথম পৰ্যায়ত অহা ৪ আৰু ৫ অক্টোবৰত ৩৯ খন সমজিলাৰ কাৰ্যালয় মুকলি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ

ৰাজ্যত প্ৰথম পৰ্যায়ত অহা ৪ আৰু ৫ অক্টোবৰত ৩৯ খন সমজিলাৰ কাৰ্যালয় মুকলি কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। চৰকাৰৰ সিদ্ধান্ত অনুসৰি মন্ত্ৰীসকলে বিভিন্ন জিলালৈ গৈ এই দুদিনত সম জিলাৰ কাৰ্যালয়সমূহ মুকলি কৰিব আৰু সেইদিনাৰ পৰাই কাৰ্যালয়সমূহৰ কাম-কাজ আৰম্ভ হ’ব। প্ৰতিখন সমজিলাত একোজন এ ডি চি পৰ্যায়ৰ বিষয়া থাকিব আৰু তেওঁ সমজিলাৰ আয়ুক্ত বুলি জনা যাব। উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৬০ শতাংশৰে উত্তীৰ্ণ হোৱা ছাত্ৰী আৰু ৭৫ শতাংশৰে উত্তীৰ্ণ হোৱা ছাত্ৰক ড° বাণীকান্ত কাকতি বঁটাৰে স্কুটি প্ৰদান কৰাৰ সিদ্ধান্ততো কেবিনেটে অনুমোদন জনাইছে। সৰ্বমুঠ ৪০ হাজাৰ ৭৩৫ গৰাকী ছাত্ৰী, ৭ হাজাৰ ৯৩৮ জন ছাত্রক এই স্কুটি প্ৰদান কৰাৰ বাবে চৰকাৰে অনুমোদন জনায়। এই স্কুটিসমূহ প্ৰদানত ৰাজ্য চৰকাৰৰ ৩৪৫ কোটি ৭৫ লাখৰো অধিক ধন ব্যয় হ’ব। ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সাংবাদিকৰ আগত কালি এই বিষয়ে প্ৰকাশ কৰে। অসম লোকসেৱা আয়োগৰ ২০১৩ আৰু ১৪ বৰ্ষৰ পৰীক্ষাত অনিয়ম সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন পৰৱৰ্তী অসম বিধানসভাৰ অধিবেশনত দাখিল কৰাৰ প্ৰস্তাৱতো কেবিনেটে অনুমোদন জনাইছে। তদুপৰি জাগীৰোডৰ ছেমি কনডাক্টৰ প্ৰকল্পত পানী যোগানৰ আঁচনিত কেবিনেটে অনুমোদন জনাইছে।